চিৰাঙৰ বিজনীত ঐতিহাসিক বুঢ়ি ঠাকুৰানী মন্দিৰত মৃন্বয় মূৰ্তিহীন ৩৩৫ সংখ্যক ৰজাদিনীয়া দুৰ্গা পূজা উদযাপন

IMG 20201024 WA0026

চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁওস্থিত ঐতিহাসিক বুঢ়িঠাকুৰণী থানত মৃন্বয় মূৰ্তিহীন ভাৱে আৰম্ভ কৰা হ’ল ৩৩৫ সংখ্যক দুৰ্গা পূজা । ক’ভিডৰ বাবে সম্পূৰ্ণভাৱে চৰকাৰী নীতি-নিয়ম পালন কৰি আজি মহাঅষ্টমী পূজা অনুষ্ঠিত হয় বুঢ়িঠাকুৰাণী থানত।

১৬৮৬ত কোঁচ ৰজা বিজিত নাৰায়নে স্থাপন কৰা এই মন্দিৰত তেতিয়াৰে পৰা চলি আহিছে বলি বিধান । কিন্তু ক’ভিডৰ বাবে এই বাৰৰ পূজাত বলি বিধান নহ’ব বুলিও জনায় থান পৰিচালনা সমিতিৰ সভাপতি দিপক বৰ্মনে । এইবাৰ ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ তুলনাত ভক্তৰ সমাগম কম হোৱা পৰিলক্ষিত হয় যদিও সেমেকা বতৰৰ মাজতে ভক্তপ্ৰাণ ৰাইজৰ সহাঁৰি দেখিবলৈ পোৱা যায় ।

 

উল্লেখ্য যে, প্ৰত্যেক বছৰে বলি বিধানৰ লগতে সপ্তমী, অষ্টমী আৰু নৱমী তিনি দিনীয়াকৈ অনুষ্ঠিত হয় এই ঐতিহাসিক দুৰ্গা পূজা । মন্দিৰটোত মৃন্ময় মূৰ্তি নথকাৰ বাবে দশমী পূজা অনুষ্ঠিত কৰা নহয়। কোঁচৰজাৰ দিনৰে পৰা ১৬৮৬তে স্থাপিত বুঢ়ীঠাকুৰণী থানখনত এনেদৰেই চলি আহিছে দুৰ্গা পূজা ।

Exit mobile version