নগাঁৱৰ হুজ ৰঙাগড়া পঞ্চায়তত ড্ৰাগচ আসক্তৰ তাণ্ডৱ

IMG 20201024 194421

ড্ৰাগচ আসক্ত যুৱকক ড্ৰাগচ সেৱনত বাধা প্ৰদান কৰাৰ বাবেই ধ্বংসস্তূপত পৰিণত হ’ল নগাঁৱৰ হুজ ৰঙাগড়াৰ পঞ্চায়ত কাৰ্যালয় । একাংশ ড্ৰাগচ আসক্ত যুৱক আৰু তেওঁলোকৰ পৰিয়ালে ভাঙি-ছিঙি লণ্ডভণ্ড কৰিলে পঞ্চায়ত কাৰ্যালয়ৰ আচবাব । শনিবাৰে দিন-দুপৰতে সংঘটিত হয় এই কাণ্ড ।

 

অভিযোগ অনুসৰি নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হুজ ৰঙাগড়া পঞ্চায়ত কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈছিল এখন গাঁওসভা । এই গাঁওসভা অনুষ্ঠিত হৈ থকাৰ সময়তে কাষৰে এখন শ্মশানত ড্ৰাগচ সেৱন কৰি আছিল একাংশ উদণ্ড যুৱকে । গাঁওসভাৰ লোকসকলৰ এজন ড্ৰাগচ আসক্তক ধৰি আনি বাধা প্ৰদান কৰাৰ পিছতেই অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

ড্ৰাগচ আসক্ত একাংশ যুৱক আৰু তেওঁলোকৰ পৰিয়ালে আহি ভাঙি-চিঙি লণ্ডভণ্ড কৰে পঞ্চায়ত কাৰ্যালটো । ইয়াতে ক্ষান্ত নাথাকি দা-লাঠি লৈ অহা উন্মত্ত দলটোৱে প্ৰহাৰো কৰে এজন প্ৰাপ্তবয়স্ক লোকক । এনেদৰে এটা চৰকাৰী কাৰ্যালয়ত ড্ৰাগচ আসক্তই গুণ্ডাগিৰি প্ৰদৰ্শন কৰাৰ ঘটনাক নগাঁৱৰ বিভিন্নজনে গৰিহণা প্ৰদান কৰিছে । ইতিমধ্যে এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে ।

Exit mobile version