ঐতিহাসিক শিৱসাগৰ দেৱীদ’লত পৰম্পৰা ৰক্ষা কৰি অষ্টমীত দুটা ছাগলী ,১০টা হাঁহ বলি

sib 2

*মছজিদৰ কাষতে পূজা*পূজাত সম্প্ৰীতিৰ বতৰা

কিনকিনিয়া বৰষুণ আৰু কভিড ১৯ৰ আতংকৰ মাজত দুৰ্গতি নাশিনী মা-দুৰ্গা পূজা তথা দুৰ্গোৎসৱৰ সামৰণি পৰিল ।অশুভ শক্তিৰ প্ৰতীক মহিষাসুৰক বধ কৰি আজি দেৱী দুৰ্গা উভটিল।ষষ্ঠীত বেল বোধনেৰে প্ৰতিষ্ঠা কৰা দশভূজা দুৰ্গাক  বিজয়া দশমীত বিসৰ্জন দিয়া হ’য়।শিৱসাগৰ নগৰৰ থানামুখৰ দিখৌ নদীৰ পকাঘাটত আজি  পুৱাৰে পৰা  নিৰাপত্তা আৰু কভিড প্ৰটকলৰ নীতি নিয়মৰ মাজেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন পৰ্ব আৰম্ভ হয়।ঢাক -ঢোল আৰু ভক্ত প্ৰাণ ৰাইজৰ বিপুল হৰ্ষ – উলাহৰ মাজত পৰম্পৰাগত ৰীতি নীতিৰে যথা বিহীত ভাবে দুৰ্গাৰ মৃণ্ময় মূৰ্তি বিসৰ্জন দিয়া হয়।শিৱসাগৰ জিলা প্ৰশাসনে বিসৰ্জন পৰ্ব সুকলমে সমাপন কৰাৰ বাবে থানামুখ ঘাটত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ সমানে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ বিশেষ দল নিয়োগ কৰে  ।আজি এই দিখৌৰ থানামুখ ঘাটত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ২১ খন মণ্ডপৰ দুৰ্গা পূজাৰ মৃণ্ময় মূৰ্তি বিসৰ্জন দিয়া হয়।

*পূজাত সম্প্ৰীতিৰ বতৰা* 

আনহাতে শিৱসাগৰৰ ঐতিহাসিক দেৱীদ’লৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি  নৱমী দিনা দৌল উন্নয়ন সমিতিয়ে শিৱসাগৰৰ ইছলাম ধৰ্মালম্বী দৌলা পৰিয়াললৈ আগবঢ়ালে দেৱী দূর্গাৰ পূজাৰ প্ৰসাদ।দূৰ্গা পূজা উদযাপন সমিতিয়ে ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়াললৈ মহা নৱমীত পূৰ্বৰ পৰম্পৰা অনুসৰি পূজাৰ প্ৰসাদ ৰূপে এখন শৰাই আগবঢ়ায় ।পূৰ্বে দৌল কমিটিৰ পৰা বলিৰ বাবে উচৰ্গা কৰা এটি জীৱন্ত ছাগলী পৰিয়ালটোলৈ আগবঢ়াইছিল ।কিন্তু এইবাৰ কোভিড অতিমাৰীৰ বাবে এই কাৰ্যসূচী অতি সামান্য অনুষ্ঠানিকতা ৰক্ষা কৰি  পৰিয়ালটোৰ বাসগৃহতে নৈবদ্যৰ ফলমূল তথা প্ৰসাদ প্ৰদান কৰে ।

উল্লেখযোগ্য যে আহোম ৰাজত্বকালত ঐতিহাসিক দেৱীদ’লত ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়ালে নেগেৰা বাদ্য বজাইছিল ।সেই সময়ৰ পৰা দুৰ্গাপূজাৰ অষ্টমীৰ দিনা দৌল্লা পৰিয়ালক দেৱী দ’ললৈ আমন্ত্ৰণ কৰি আনুষ্ঠানিক ভাৱে সা-সন্মানেৰে  পূজাৰ নৈবদ্য ৰূপে এটা জীৱন্ত ছাগলী প্ৰসাদ হিচাবে আগবঢ়াই অহা হৈছিল।

দৌল কমিটিৰ পৰা প্ৰসাদ গ্ৰহণ কৰি দৌলা পৰিয়ালৰ সদস্য মনিৰুদ দৌলাই অতীত পৰম্পৰা ৰক্ষা কৰি তেওঁলোকৰ পৰিয়াললৈ দেৱী দৌলৰ পূজাৰ প্ৰসাদৰ শৰাই আগবঢ়োৱা পথাক সন্তোষ প্ৰকাশ কৰে আৰু ভৱিষ্যতেও যাতে এই সম্প্ৰীতিৰ পৰম্পৰা অটুট থাকে ইয়াৰ কামনা কৰে ।

ইপিনে পূজাৰ মহা অষ্টমীত এইবাৰ কভিড পটকল ৰাক্ষকৰি দেৱীদ’লত  মাত্ৰ দুটা ছাগলী আৰু দহটা হাঁহ বলি দিয়া হয় ।পূৰ্বতে দুৰ্গাপূজাৰ সপ্তমী আৰু অষ্টমীত যথেষ্ট সংখ্যক ছাগলী, হাঁহ, কোমোৰা আদি বলি দিয়া হৈছিল ।

ধর্মীয় অসহিঞ্চুতাৰ বিপৰীতে শিৱসাগৰৰ এখন পূজা মণ্ডপ:মছজিদৰ কাষতে পূজা

যি সময়ত ধৰ্মীয় অসহিঞ্চুতা আৰু বিদ্বেষৰ বাতাবৰণ সৃষ্টি কৰি একাংশ লোকে সমাজক এক বিশৃংখল পৰিবেশৰ সূচনা কৰাৰ অভিযোগ উঠিছে এনে সময়তে শিৱসাগৰ নগৰত অনুষ্ঠিত এখন পূজাই  বিশেষ গুৰুত্ব লাভকৰা দেখা যায় ।এই পূজা মণ্ডপখনে  যুগে যুগে ধৰ্মীয় সম্প্ৰীতিৰ বতৰা প্ৰেৰণ কৰি আহিছে শিৱসাগৰীয়া ৰাইজক ।এইখন হ’ল

Exit mobile version