বিজেপিৰ অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি আব্দুছ ছোভানৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ

WhatsApp Image 2020 10 26 at 11.48.54 AM

■ বিজেপিৰ অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি আব্দুছ ছোভানৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।
■ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি আব্দুছ ছোভানৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত তেখেতে উল্লেখযোগ্য অৰিহণা আগবঢ়াই থৈ গৈছে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।’
■ ছোভানৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন ৰঞ্জিত দাসৰ ।
■ প্ৰয়াত ছোভান আছিল অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক। এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উল্লেখযোগ্য অৰিহণা আগবঢ়াই থৈ গৈছে।

■ নলবাৰী জিলাৰ টৌমূৰা গাঁৱৰ নিবাসী আছিল প্ৰয়াত ছোভান ।

■ বিজেপিৰ লগত আশীৰ দশকৰ পৰাই জড়িত এগৰাকী জেষ্ঠ্য কাৰ্যকৰ্তা।

■ বিভিন্ন দলীয় সাংগঠনিক দায়িত্বত থাকি তেখেতে দলৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল ।

■ দলীয় প্ৰতিটো কাৰ্যতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা সকলৰ ভিতৰত তেওঁ আছিল অন্যতম ৷

Exit mobile version