কপালত শিং আৰু সাপৰ দৰে জিভাৰ ভয়ংকৰ চেহেৰাৰে গিনীজ বুকত নাম সন্নিবিষ্ট কৰিলে জাৰ্মানীৰ এজন লোকে

eafa2acdb5c7ab133f427f5ec3dbc7e9

কপালত শিং আৰু সাপৰ দৰে জিভাৰ ভয়ংকৰ চেহেৰাৰ জাৰ্মানীৰ এজন লোকে  সৰ্বাধিকবাৰ দেহৰ পৰিৱৰ্তন ঘটাই গিনীজ ওৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল । ৰল্ফ বুখহলজ নামৰ লোকজনে ৫১৬ বাৰ পর্যন্ত নিজৰ দেহত পৰিৱৰ্তন ঘটাইছে ।

গিনীজ ওৱৰ্ল্ড ৰেকৰ্ডৰ পৰা পোৱা তথ্য অনুসৰি জাৰ্মানীৰ এইজন নাগৰিক টেলিকম সংস্থাত কৰ্মৰত । ৪০ বছৰ বয়সত প্ৰথমে টেটু কৰিছিল ৰল্ফে । তাৰ পিছৰ পৰাই নাক, ওঁঠ , চকুৰ চেলাউৰী আৰু কপালৰ সকলো অংশত মুঠ ৫১৬ বাৰে ফুটা কৰি শৰীৰৰ পৰিৱৰ্তন কৰে ।

ইয়াৰোপৰি মূৰত দুটা শিং আৰু জিভাখন দুভাগত বিভক্ত কৰিছে ৰল্ফে । সকলো পৰ্যবেক্ষণ কৰাৰ পাছত ২০ বছৰৰ আগৰ ছবিৰ লগত বৰ্তমানৰ চেহেৰাৰ কোনো মিল দেখা নাপাব আপুনি । এই সন্দৰ্ভত ৰল্ফে কয় যে, “তেওঁৰ বাহ্যিক ৰূপৰহে পৰিৱৰ্তন ঘটিছে। আভ্যন্তৰীণ ভাৱে সকলো একেই আছে।

Exit mobile version