পুৰুষ হৈও চাৰি বছৰ ধৰি মহিলাৰ দৰে স্মাৰ্ট হিল পিন্ধি অহা-যোৱা কৰে কাৰ্যালয়লৈ

34480632 0 image a 115 1602865683386

কিশােৰী যুৱতীসকলক জীনছ-টি চার্ট অথবা ব্লেজাৰ-পেণ্ট পৰিধান কৰা সকলােৱে দেখিছে; কিন্তু কেতিয়াবা কোনাে কিশােৰ-যুৱকক স্কার্ট অথবা হাইহিল জোতা-ছেণ্ডেল পিন্ধা দেখিছেনে? একমাত্র পিন্ধাই নহয়, এনে পােছাক-জোতাৰে কার্যালয়লৈ অহা-যােৱা কৰে জার্মানীৰ এজন লােকে। তেওঁ প্রায় প্রতিদিনেই স্কার্ট পৰিধান কৰি কার্যালয়লৈ অহা-যােৱা কৰে । ভৰিত সঘনাই থকা দেখিবলৈ পােৱা যায় হাইহিল জোতা ।

মার্ক ব্রায়ান নামৰ জার্মান লােকজন বৃত্তিত এজন ৰ’ব’টিকছ অভিযন্তা। বিবাহিত মার্ক ব্রায়ানৰ তিনিটি সন্তানাে আছে। এটি নামী প্রতিষ্ঠানৰ শীর্ষ পর্যায়ৰ পদত কার্যনির্বাহ কৰা মার্কৰ বয়সে ৬১ অতিক্ৰম কৰিছে। প্রথমে অৱশ্যে তেওঁ এনে পােছাক পৰিধান কৰা নাছিল। যােৱা প্ৰায় চাৰি বছৰ মানৰ পৰাহে মার্কৰ মহিলাৰ পােছাকৰ প্রতি আকর্ষণ বৃদ্ধি পায় ।

সমান্তৰালভাৱে পৰিধান কৰিবলৈ আৰম্ভ কৰে। মহিলাৰ পােছাকৰ প্রতি আকর্ষিত হােৱাৰ পাছতাে আছে আন এক উদ্দেশ্য। এই সন্দৰ্ভত মার্কে কয় যে সকলাে ধৰণৰ পােছাকক সমানে জনপ্রিয় কৰা তথা লিংগ বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে মনলৈ আহে এই ধাৰণাটো । নিজৰ ইনষ্টাগ্রামতাে মার্কে এই বিষয়ে উল্লেখ কৰিছে। মার্কে জনােৱা মতে তেওঁ পৰিধান কৰা পােছাকক লৈ কার্যালয়ৰ সহকর্মীসকলে কেতিয়াও প্রশ্ন উত্থাপন কৰা নাই ।

এক সাক্ষাৎকাৰত মার্কে কয়, ‘মােৰ সহকৰ্মীসকলে কেতিয়াও মই পৰিধান কৰা পােছাকক লৈ কোনাে বিৰূপ মন্তব্য কৰা নাই। এনে পােছাক পৰিধানৰ পূর্বেও মই কার্যালয়লৈ হিল পিন্ধি আহিছিলাে ।’ প্রকৃততে লিংগ বৈষম্য একমাত্র জার্মানীৰে সমস্যা নহয়। সমগ্র বিশ্বই আজি এই সমস্যাৰ সন্মুখীন  হ’বলগীয়া হৈছে । নাৰী-পুৰুষে আজিও সমান অধিকাৰ লাভ কৰিবলৈ সক্ষম হােৱা নাই।

সমাজৰ একাংশই আজিও নাৰী-পুৰুষক সমান বুলি ভাবিবলৈ শিকা নাই । এনে কাৰণতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক নাৰী নির্যাতনৰ খবৰ প্রকাশ পাই থাকে, কিন্তু এনে নির্যাতনক মার্কে নিজস্ব আচৰণৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। বিভিন্নজনে মার্কক এনে ভূমিকাৰ বাবে প্রশংসা কৰাও পৰিলক্ষিত হৈছে।

Exit mobile version