পূজাৰ নিৰ্দিষ্ট সময়ৰ বন্ধ ওকলি যোৱাৰ পিচতো আজি তলাবন্ধ অৱস্থাত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়

IMG 20201027 WA0007

চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে তলাবন্ধ অৱস্থাত থকা পৰিলক্ষিত হয় । কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত নহ’ল কাৰ্যালয়ত, যেন পূজাৰ বন্ধ শেষেই হোৱা নাই। উল্লেখ্য যে চৰকাৰী কাৰ্যালয়ত যোৱা ২৩ তাৰিখৰ পৰা ২৬ তাৰিখলৈ আছিল দুৰ্গাপূজাৰ বন্ধ। কিন্তু আজিৰ দিনটোত জিলাখনৰ সকলো কাৰ্যালয় খোলা থকাৰ বিপৰীতে সম্পূৰ্ণ দিনটো বন্ধ হৈ থাকিল জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ।

ADVERTISEMENT

আনহাতে, কাৰ্যালয়টোৰ লগতে থকা বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়টো খোলা থকাৰ লগতে অন্য সকলো কাৰ্যালয় খোলা আৰু নিয়মিত ৰূপত দেখিবলৈ পোৱা গ’ল যদিও ব্যতিক্ৰমী ৰূপত পৰিলক্ষিত হ’ল কেৱল জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টোহে ।

এই সন্দৰ্ভত জিলা প্ৰাথমিক শিক্ষা বিষয়া হিৰালাল বৰাৰ স’তে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও যোগাযোগ সম্ভৱ হৈ নুঠিল । চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰক এই সন্দৰ্ভত জনোৱাত উপায়ুক্ত জনে বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

আনহাতে, পূজাৰ নিৰ্দিষ্ট সময়ৰ বন্ধ ওকলি যোৱাৰ পিচতো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় বন্ধ থকাৰ বিষয়টো সহজভাৱে ল’ব পৰা নাই জিলা খনৰ বিভিন্ন ছাত্ৰ সংগঠনে । সেয়ে এই ক্ষেত্ৰত বিভাগীয় হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠন সমূহে।

Exit mobile version