প্রতিমা বিসর্জন কার্যসূচীত উচ্চস্বৰত গান বজোৱাক কেন্দ্র কৰি ইটাখােলাত উত্তপ্ত পৰিস্থিতি

IMMERSION 3

বিজয়া দশমীৰ সন্ধিয়া প্রতিমা বিসর্জন অনুষ্ঠানত উচ্চস্বৰত গান বজোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জামুগুৰিহাটৰ ইটাখােলাত । ঘটনাৰ বিৱৰণী মতে ইটাখােলাৰ ডিকৰাই চাহ বাগিছাত অনুষ্ঠিত হােৱা দুর্গা পূজাৰ প্রতিমা বিসর্জন দিবলৈ সোমবাৰে সন্ধিয়া ইটাখােলাৰ ডিকৰাই নৈ অভিমুখে ৰাওনা হয় পূজা সমিতিৰ কর্মকর্তাৰ লগতে একাংশ মাতাল যুৱক। চৰকাৰী নির্দেশনাক উলংঘা কৰি একপ্ৰকাৰ উদ্ভণ্ডালি কৰাৰ লগতে আৰক্ষীৰ লগতো তৰ্কত লিপ্ত হয় আৰু ইটাখোলাৰ পৰিৱেশ বিনষ্ট কৰে ।

ইটাখােলা আৰক্ষীয়ে লােক সকলক চৰকাৰী নির্দেশনা মানি সংযত হ’বলৈ বাৰেবাৰে অনুৰােধ কৰে যদিও কিন্তু মাতাল হৈ অহা যুৱক সকলে কোনাে প্ৰকাৰে আৰক্ষীৰ আহ্বানত গুৰুত্ব নিদি হুলস্থুলহে কৰে । যুৱক সকলৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈ ইটাখােলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰেশ্বৰ সন্দিকৈয়ে আৰক্ষীৰ আহ্বান নামানিলে তেওঁলোকৰ ওপৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিয়ে ।

ইয়াতেই মাতাল যুৱক সকল খর্গহস্ত হৈ পৰে আৰু একাংশই ইটাখােলা -অৰুণাচল উপপথটো অৱৰােধ কৰাৰ চেষ্টা কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে উক্ত পূজা সমিতিৰ একাংশ লােকক চিনাক্ত কৰি নিজাববীয়াকৈ এক গােচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Exit mobile version