ডুমডুমাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ে মহতিয়ালে এজন চাহ বাগিচাৰ শ্ৰমিকক

WhatsApp Image 2020 10 28 at 9.56.42 AM

■ ডুমডুমাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ে মহতিয়ালে এজন চাহ বাগিচাৰ শ্ৰমিকক ।

■ তিনিচুকীয়াৰ পৰা শদিয়ালৈ গৈ থকাৰ সময়ত ডুমডুমা চহৰ পাৰ হৈ বিচাকুপি চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো |

■ চুকৰা মুণ্ডা নামৰ শ্ৰমিক গৰাকীয়ে বিচাকুপি বাগিচাৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মন্ত্ৰীগৰাকীৰ কনভয়ৰ এখন বাহনে শ্ৰমিকজনক খুন্দিয়ায় ।

■ অভিযোগ মতে দুৰ্ঘটনা সংঘটিত কৰি মন্ত্ৰীৰ কনভয়ে আহত লোকজনক কোনো গুৰুত্ব নিদি পোনে পোনে শদিয়ালৈ গুচি যায় ।

■ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক স্থানীয় লোকে চিকিৎসালয়লৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱা বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

■ এনে কাৰ্যক ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে গৰিহনা জনোৱাৰ লগতে চুকৰা মুণ্ডাৰ উন্নত চিকিৎসাৰ লগতে ক্ষতিপূৰণ দিয়াৰ জনাইছে।

Exit mobile version