তলাবন্ধত কিস্তি পৰিশােধ স্থগিতকৰণ

Supreme Court of India

তলাবন্ধকালীন বেংকৰ ঋণৰ কিস্তি পৰিশােধ স্থগিত (মৰেট’ৰিয়াম) ৰখাৰ সময়ছােৱাত যিসকলে পৰিশােধ কৰিছিল তেওঁলােকক সেই ধন অহা পাঁচ নৱেম্বৰৰ ভিতৰত সংশ্লিষ্ট বেংকে একাউণ্টত ওভতাই দিব । ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ঋণ মৰেটৰিয়াম আঁচনিৰ অধীনত দুই কোটি পর্যন্ত ঋণ গ্রহণ কৰাসকলে এই সুবিধা লাভ কৰিব । কেন্দ্রীয় চৰকাৰে বেংকক সেই ধন আদায় দিব । উচ্চতম ন্যায়ালয়ত কেন্দ্রই দাখিল কৰা শপতনামাত এই কথা কোৱা হৈছে । কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে কয় যে ঋণ গ্রহণকাৰীসকলক তেওঁলােকে পৰিশােধ কৰা ধন ঘূৰাই দিয়াৰ পাছত বেংক-বিত্তীয় প্রতিষ্ঠানসমূহে কেন্দ্রীয় চৰকাৰক সেই ধন দাবী কৰিব পাৰিব ।

ন্যায়ালয়ত দাখিল কৰা শপতনামাত কোৱা হৈছে যে ইয়াৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে এক আঁচনি গ্ৰহণ কৰিছে যাৰ জৰিয়তে ছমহীয়া মৰেট’ৰিয়ামৰ সময়ছােৱাত ঋণ আদায় দিয়াসকলক বেংকে এই ধন পৰিশােধৰ ব্যৱস্থা কৰা হৈছে। এই মর্মে ২০২০ৰ এক মাৰ্চৰ পৰা ৩১ আগষ্টলৈ চক্রবৃদ্ধি সুত আৰু সাধাৰণ সুতৰ পাৰ্থক্যৰ ধন ওভতাই দিব লাগিব বেংক বা আন বিত্তীয় প্রতিষ্ঠানে । অর্থাৎ এই ছমহাৰ সময়ছােৱাত ঋণৰ বাবদ চক্রবৃদ্ধি সুত গ্রাহকৰ পৰা আদায় কৰিব নােৱাৰিব বিত্তীয় প্রতিষ্ঠানে ।

উল্লেখ্য যে এই চক্রবৃদ্ধি হাৰত সুত আদায়ৰ বিষয়টোক লৈ বিতর্ক সৃষ্টি হৈছিল আৰু একাংশই আদালতৰ ওচৰ চাপিছিল। আৰম্ভণিতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই কৈছিল যে এইদৰে ধন ওভতাই দিলে বেংকসমূহ বৃহৎ লােকচানৰ সন্মুখীন হ’ব । অৱশেষত আদালতৰ কঠোৰ স্থিতিৰ ফলত কেন্দ্রীয় চৰকাৰে ইয়াৰ বােজা ল’বলৈ মান্তি হয় আৰু শপতনামাত এই কথা উল্লেখ কৰে ।

শপতনামাত কেন্দ্রই কয় যে বিত্তীয় প্রতিষ্ঠানসমূহে পৰিশােধ কৰিবলগীয়া ধনৰ ক্ষেত্ৰত ঋণগ্রহণকাৰীজনে মৰেট’ৰিয়ামৰ সুবিধা সম্পূৰ্ণৰূপে অথবা আংশিকভাৱে গ্ৰহণ কৰিছিল নাইবা একেবাৰে কৰা নাছিল সেইবােৰ বিষয় প্রযােজ্য নহয় । তদুপৰি ঋণগ্রহণকাৰীসকলক ধন ওভতাই দিয়াৰ পাছত বিত্তীয় প্রতিষ্ঠানসমূহে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দৰে নডেল এজেন্সীৰ জৰিয়তে কেন্দ্ৰৰ পৰা সেই ধন বিচাৰিব পাৰিব। শপতনামাত কোৱা হৈছিল যে অত্যন্ত বিতং বিবেচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে । সিদ্ধান্ত গ্ৰহণৰ সময়ত সামগ্রিকভাৱে অর্থনৈতিক পৰিস্থিতি, ঋণগ্রহণকাৰীসকলৰ ধৰণ-কৰণ, অর্থনীতিত ইয়াৰ প্ৰভাৱকে ধৰি সকলােবােৰ আনুষাংগিক বিষয় বিবেচনা কৰা হৈছে ।

যােৱা ১৪ অক্টোবৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মৰেট’ৰিয়াম আঁচনিৰ অধীনত দুই কোটি টকা পর্যন্ত ঋণগ্রহণকাৰীসকলৰ ক্ষেত্ৰত যথাসম্ভৱ সােনকালে সুত ৰেহাইৰ ব্যৱস্থা কৰিব লাগে । পূর্বতে কেন্দ্ৰই কৈছিল যে এনে কৰিলে দেশৰ সামগ্রিক অর্থনৈতিক পৰিস্থিতিৰ বাবে অধিক ক্ষতিকাৰক হ’ব পাৰে । অৱশ্যে আদালতে এই ক্ষেত্ৰত সাধাৰণ পক্ষত থিয় দি কঠোৰ স্থিতি গ্রহণ কৰি কয় যে সাধাৰণ মানুহৰ দেৱালী চৰকাৰৰ হাততে আছে ।

Exit mobile version