পবিন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা ঘোষণা

WhatsApp Image 2020 10 28 at 4.35.59 PM

■ পবিন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা ঘোষণা ।
■ নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে এইবাৰ কুঞ্জবালা দেৱী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব দৈনিক অগ্ৰদূত কাকতৰ উপ-সম্পাদক কুলপ্ৰদীপ ভাগৱতীক । উল্লেখযোগ্য যে, ইয়াৰ আগেয়ে কুলপ্ৰদীপ ভাগৱতীয়ে ২০১৫ত কুঞ্জবালা দেৱী বঁটা লাভ কৰিছিল ।
■ মানৱ অধিকাৰ সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে পবিন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব সাদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ দিগন্ত শৰ্মাক।
■ পবিন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা কমিটিয়ে জনোৱা অনুসৰি প্ৰতিটো বঁটাত আছে এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ৩০ হেজাৰ টকা ।

Exit mobile version