লায়লাপুৰত বিদ্যালয় জ্বলোৱাৰ ঘটনাত উচ্চ পৰ্যায়ৰ তদন্তৰ ভাবুকি জি পি সিঙৰ

WhatsApp Image 2020 10 23 at 1.34.17 PM

অসম মিজোৰামৰ সীমান্তৰ বুজ ল’বলৈ আজি সীমান্তৱৰ্তী এলেকা খুলিচৰা আৰু লায়লাপুৰত আজি উপস্থিত হয় অসম আৰক্ষীৰ এডিজিপি জি পি সিং । আৰক্ষী বিষয়াজনে প্ৰথমে খুলিচৰাৰ মিজো দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ ঘটোৱা বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

তাৰপিছত মিজোৰামৰ ভাইৰেন্টি হৈ লায়লাপুৰৰ পৰিস্থিতিৰ বুজ লৈ কয় যে ‘বোমা বিস্ফোৰণ সংঘটিত কৰা বিদ্যালয়ৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক দিয়া হ’ব ৷ এই সন্দৰ্ভত উচ্চবিষয়া সকলৰ স’তে আলোচনা হৈছে ৷’

ইপিনে, মিজো সকলৰ তাণ্ডৱত অতিষ্ঠ হৈ আজি পুনৰ অনিৰ্দিষ্ট কালৰ বাবে পথ অৱৰোধ কৰিলে কাছাৰ জিলাৰ লায়লাপুৰৰ ৰাইজে ৷ আজি পুৱাৰে পৰা লায়লাপুৰত পথ অৱৰোধ কৰি মিজোৰাম অভিমুখী সকলো যানবাহন পথত আৱদ্ধ কৰি ৰাখিছে অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰৰ উত্তেজিত ৰাইজে ৷

তেওঁলোকৰ দাবী যেতিয়ালৈকে মিজো সকলে অসমৰ ভূমি এৰি নাযায় তেতিয়ালৈকে মিজোৰামৰ বিৰুদ্ধে এই অৰ্থনৈতিক অৱৰোধ চলি থাকিব ৷ তেওঁলোকে লগতে কয় যে যোৱা ২১ অক্টোবৰত অসম-মিজোৰামৰ গৃহ সচিব পৰ্যায়ৰ এখন বৈঠক হোৱাৰ পিছত মিজোৰামে অসমৰ ভূমি এৰি যোৱাৰ কথা আছিল ।

কিন্তু তাৰ বিপৰীতে অসমৰ এখন বিদ্যালয়হে জ্বলাই দিয়ে । ইয়াৰ উপৰিও এই অৱৰোধ তীব্ৰতৰ কৰি তুলাৰ দাবীত উত্তেজিত ৰাইজে বিভিন্ন দল-সংগঠনক সহযোগ কৰাৰ বাবে আহ্বান জনায় ।

Exit mobile version