দুই মিনিটত ২০ বাৰ সূৰ্য নমস্কাৰ কৰি তেজপুৰৰ ভাস্বতীৰ আন্তঃৰাষ্ট্ৰীয় অভিলেখ

20201029 165036

বিশ্বৰ ১০ খন দেশৰ প্ৰতিযোগীক পিছপেলাই তেজপুৰৰ কিশোৰী ভাস্বতী বৰুৱাই দুই মিনিটৰ ভিতৰত ২০ বাৰ সূৰ্য নমস্কাৰ কৰি আন্তঃৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে । মাত্ৰ চাৰি বছৰ বয়সৰ পৰা যোগচর্চা আৰম্ভ কৰা তেজপুৰ গোপীনাথ বৰদলৈ নগৰ নিবাসী ভাস্কৰ বৰুৱা আৰু চিন্ময় কাকতিৰ কন্যা ভাস্বতীয়ে মহাৰাষ্ট্ৰৰ সৌৰ্য স্পৰ্টচ একাডেমীয়ে আয়োজন কৰা গ্ল’বেল সূৰ্য নমস্কাৰ চেলেঞ্জৰ মহিলাৰ ১১ৰ পৰা ১৬ বছৰৰ শাখাত দুইমিনিটত সৰ্বাধিক ২০ বাৰকৈ সূৰ্য নমস্কাৰ কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

ADVERTISEMENT

উল্লেখ্য যে আমেৰিকা, ইউনাইটেড আৰব এমিৰেট, শ্ৰীলংকা, মালয়েছিয়াকে ধৰি বিশ্বৰ দহখন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছিল । পূৰ্বেও যোগৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ উপৰিও ভালেসংখ্যক স্বীকৃতি লাভ কৰিবলৈও সক্ষম হোৱা তেজপুৰৰ এইগৰাকী প্ৰতিভাশালী ছাত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ শিক্ষাগুৰু মানস হাজৰিকা আৰু নমিতা লহকৰৰ অৱদানৰ কথা উল্লেখ কৰে ।

তলাবন্ধৰ সময়ত মহাৰাষ্ট্ৰৰ সৌৰ্য স্পৰ্টচ একাডেমীয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফলাফল বুধবাৰে ঘোষণা কৰাৰ পাছত ভাস্বতীৰ এই বৃহৎ সাফল্যই তেজপুৰৰ যোগক্ৰিয়া ক্ষেত্ৰখনৰ লগত জড়িত সকলক উৎসাহিত কৰি তুলিছে ।

Exit mobile version