প্ৰসংগঃবায়ু প্ৰদূষণ

air pollution 759

প্ৰতিদিনে বৃদ্ধি পোৱা বায়ু প্ৰদূষণলৈ লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰি কৰা এক অধ্যাদেশত ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দে মঞ্জুৰী প্ৰদান কৰিছে ।

এই অধ্যাদেশৰ দ্বাৰা ৰাজধানী দিল্লী আৰু চুবুৰীয়া অঞ্চলসমূহত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এখন আয়োগ গঠন কৰা হ’ব। এই আয়োগত থাকিব প্ৰায় ১৭ জন সদস্য ।আয়োগে প্ৰতিদিনে নিজৰ প্ৰতিবেদন সংসদত উত্থাপন কৰিব।

এই আয়োগে কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত কাম কৰিব ৷কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মুখ্য সচিব হ’ব এই আয়োগৰ অধ্যক্ষ ৷কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ৰ উচ্চস্তৰৰ সচিবসকল হ’ব এই আয়োগৰ সদস্য। লগতে এই আয়োগত দিল্লী,পঞ্জাব,হাৰিয়ানা আৰু ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ উচ্চ পদস্থ বিষয়া সদস্য হিচাপে থাকিব ।

আয়োগৰ সদস্যসকল নিৰ্বাচন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷এই আয়োগে পাঁচ বছৰলৈকে কাৰাগাৰৰ শাস্তি আৰু পাঁচ কোটি টকা জৰিমনা বিহাৰ অধিকাৰ লাভ কৰিব।

Exit mobile version