বাইডেন জয়ী হ’লে ধ্বংসৰ গৰাহত পৰিব আমেৰিকা

200602 donald trump joe biden protest response se 109p 9c28862e6197b6b9860b169572a7d073.nbcnews fp 1200 630

সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন  ৷ সেয়েহে ক্ষিপ্ৰ গতিৰে নিৰ্বাচনী প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছে ড’নাল্ড ট্ৰাম্প আৰু ট্ৰাম্পৰ প্ৰতিদ্বন্দী জ’ বাইডেন ৷ আজি ট্ৰাম্প আৰু বাইডেনে ফ্ল’ৰিডা চহৰত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে । কিন্তু সম্প্ৰতি ব্যক্তি বিশেষে ট্ৰাম্পতকৈ বাইডেনকহে অধিক শক্তিশালী বুলি মন্তব্য কৰিছে ।

আনহাতে শেহতীয়া তথ্য অনুসৰি ট্ৰাম্প আৰু বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত দেখা গৈছে পৃথক পৰিস্থিতি ৷ কাৰণ ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত মাস্ক পৰিধান নকৰাকৈ সমৰ্থকসকল একত্ৰিত হোৱাৰ বিপৰীতে বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত সকলোৱে সামাজিক দূৰত্ব মানি চলিছে ৷

ইফালে কৰ’না ভাইৰাছত সমগ্ৰ আমেৰিকাত প্ৰায় ২,২৭,০০০ লোক আক্ৰান্ত হৈছে ৷ কৰ’নাই আমেৰিকাত বহু লোকক নিবনুৱালৈ পৰিণত কৰিছে ৷ এনে সময়তে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় “মই নিৰ্বাচিত হ’লে কৰ’না নিশেষ হ’ব বুলি প্ৰতিশ্ৰুতি নিদিও যদিও জয়ী হোৱাৰ প্ৰথম দিনাৰ পৰা উচিত সিদ্ধান্ত ল’ম বুলি প্ৰতিশ্ৰুতি দিছো ৷”

আনহাতে ড’নাল্ড ট্ৰাম্পে বাইডেনক বিৰুদ্ধে অভিযোগ কৰি কয় যে বাইডেন জয়ী হ’লে দেশত পুনৰ তলাবন্ধ দিব  ৷ আৰু দেশখন ধ্বংসৰ সন্মুখীন হ’ব ৷ লগতে ট্ৰাম্পে কয় যে “যদি আমেৰিকাবাসীয়ে বাইডেনক জয়ী কৰায় তেন্তে বিদ্যালয়ত কোনো ল’ৰা ছোৱালী নাথাকিব । কোনো স্নাতক নহ’ব। কোনেও বৰদিন উদযাপন নকৰিব। ” গতিকে ভোটদান কৰা কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ আমেৰিকাবাসীৰ হাতত ৷

Exit mobile version