মিঞা মিউজিয়ামক লৈ আমছুৰ সভাপতি ৰেজাউল কৰিমৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান

Screenshot 30

সম্প্ৰতি বিভিন্ন বিতৰ্কৰ আৱৰ্তত থকা মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে ৷ বিজেপিক তীব্ৰ সমালোচনা কৰি ৰেজাউলে কয় যে বিজেপিয়ে নিজৰ দুৰ্বলতা, বিভিন্ন দুৰ্নীতি আদি ঢাকিবলৈ এই বিতৰ্কৰ সৃষ্টি কৰিছে ।

লগতে ৰেজাউলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে চৰ চাপৰিত বাস কৰা লোকসকল তথা মিঞাসকলক বাংলাদেশী বুলি কোৱা হিমন্তই সেইসকল লোকক চিনাক্ত কৰক । যদিহে এজনো বাংলাদেশী আছে তেন্তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে সেইসকলক চিনাক্ত কৰি বাংলাদেশলৈ প্ৰেৰণ কৰক । অন‍্যথা হকে বিহকে যিকোনো মন্তব্য নিদিবলৈ সকিয়াই দিয়ে ।

Exit mobile version