ক’ত ব্যয় হ’ল ৯৬৬ কোটি টকা ?

Assam Secretariat

মাত্র এটা বছৰতে ৰাজ্য চৰকাৰৰ ৪২টা বিভাগত ৯৬৫,৮২,০০,৫৯৭ টকা ব্যয়ৰ কোনাে হিচাপ নাই। ২০১৮-১৯ বিত্তীয় বৰ্ষত এই ধন ব্যয় কৰা হৈছিল। সম্প্রতি মহাগাণনিকে চৰকাৰী বিভাগবােৰৰ ব্যয়ৰ হিচাপ গ্ৰহণ কৰি থকাৰ সময়তে তথ্যবিহীন এই বৃহৎ পৰিমাণৰ পুঁজি ব্যয়ৰ বিষয়টো পােহৰলৈ আহিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত অহা নৱেম্বৰৰ ভিতৰত উক্ত ধন ব্যয়ৰ নথিপত্র দাখিল কৰিবলৈ মহাগাণনিকে বিত্ত বিভাগক নির্দেশ দিছে। বিত্ত বিভাগেও সংশ্লিষ্ট প্রতিটো বিভাগলৈ এই সম্পর্কীয় নির্দেশনা জাৰি কৰিছে বুলি দিছপুৰৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰে। লক্ষ্যণীয়ভাৱে স্বয়ং বিত্ত বিভাগেও ২৪খন বিল মহাগাণনিক দাখিলত ব্যর্থ হৈছে। উক্ত বিলৰ ধনৰ পৰিমাণ হ’ল ২৮,৮৭,৪৪,২১৭ টকা।

উল্লেখ্য যে বিভাগবােৰে নিজাববীয়াকৈ বিভিন্ন ব্যয় কৰিব পৰাকৈ পুঁজি জমা থাকে। উদাহৰণ স্বৰূপে আলােচনাচক্র অনুষ্ঠিত কৰা, অতিথি আপ্যায়ন, চৰকাৰী ভ্রমণ, আকস্মিকভাৱে ষ্টেছনাৰী সামগ্রী ক্রয় আদি শিতানত এনে ব্যয় কৰা হয়। ২০১৮-১৯ত প্রতিটো বিভাগে বৃহৎ পৰিমাণৰ ধন এনে শিতানবােৰত ব্যয় কৰে, কিন্তু তাৰে ৯৬৫ কোটিতকৈ অধিক টকা ব্যয়ৰ কোনাে নথিপত্র বিভাগবােৰে দাখিল কৰিব পৰা নাই।

বিভাগবােৰৰ ভিতৰত কে’বাটাও বিভাগে ডেৰশ কোটি টকা পর্যন্ত ব্যয়ৰ হিচাপ দাখিলত ব্যর্থ হৈছে। তেনে বিভাগবােৰৰ ভিতৰত পঞ্চায়ত আৰু গ্রামােন্নয়ন, পৰিবহণ, স্বাস্থ্য, নির্বাচন, শিক্ষা আদি অন্যতম। লক্ষ্যণীয়ভাৱে বিধানসভা সচিবালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়, ন্যায় আদি বিভাগেও বৃহৎ পৰিমাণৰ ধন ব্যয়ৰ তথ্য দাখিল কৰিব পৰা নাই। স্বয়ং মুখ্যমন্ত্ৰীৰ সচিবালয়ে এই পর্যন্ত ১,১৯,৫৬০ টকাৰ ব্যয়ৰ হিচাপ দাখিলত ব্যৰ্থ হৈছে।

ইপিনে, যিকেইটা বিভাগে সর্বাধিক পৰিমাণৰ ধন ব্যয়ৰ হিচাপ দাখিল কৰিব পৰা নাই সেইবােৰৰ ভিতৰত আছে সীমান্ত অঞ্চল উন্নয়ন (২২,৬৭,৪৫,৩৫৮ টকা), শিক্ষা (৮৫,২৮,৬৯,১০২ টকা), নির্বাচন (৯৯,৬৯,৪০,১৪৭ টকা), স্বাস্থ্য (১,০৫,৯৬,৬৮,৩১৬ টকা), পঞ্চায়ত আৰু গ্রামােন্নয়ন (১,৪৫,১৭,১২,৯৭০ টকা), পৰিবহণ (১,৪৬,৯৬,০০,২৬২ টকা), ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ (৬১,৩৯,৯৯,৮৭৮ টকা), গৃহ (২৪,৯০,৮৭,৮৯৪ টকা)।

এনেদৰে প্ৰতিটো বিভাগে হিচাপ দিবলৈ আছে কোটি কোটি টকাৰ ব্যয়ৰ তথ্য। বিত্ত বিভাগৰ সূত্ৰই জনােৱা মতে, ব্যয়ৰ হিচাপ নােলােৱা ধনক লৈ দাখিল কৰিবলৈ থকা বিলৰ সংখ্যা প্রায় ১,৩২৩খন।

Exit mobile version