ঢেকিয়াজুলিত শাক-পাচলিৰ মূল্যই অতিক্ৰম কৰিলে চেঞ্চুৰি

IMG 20201030 163938

কংগ্ৰেছৰ আমোলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিজেপি চৰকাৰ এতিয়া মূল্যবৃদ্ধিক লৈ সম্পূৰ্ণ নিমাত ।ৰাজ্যত শাক-পাচলিৰ মূল্যই চেঞ্চুৰি অতিক্ৰম কৰাৰ সমান্তৰালকৈ আলু, পিয়াঁজৰ মূল্যই হাফ চেঞ্চুৰি পাৰ কৰাৰ লগতে পিয়াঁজৰ মূল্য চেঞ্চুৰিৰ দিশে গতি কৰিছে ৷

অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যৰ লগতে ঢেকিয়াজুলিৰ বজাৰতো প্ৰভাৱ পেলাইছে ৷ ঢেকিয়াজুলিৰ বজাৰত পিয়াঁজ খুচুৰা প্ৰতি কেজিত ৭০ৰ পৰা ৮০টকা পৰ্যন্ত বিক্ৰী হৈছে ৷ একেদৰে আলু প্ৰতি কেজি খুচুৰা ৪০ৰ পৰা ৫০টকা পৰ্যন্ত হৈছে ৷ ইপিনে ঢেকিয়াজুলিৰ বজাৰত বিভিন্ন শাক-পাচলিৰ মূল্য প্ৰতি কেজিত সৰ্বনিম্ন ৫০ৰ পৰা সৰ্বাধিক ১৫০টকা ৷

শাক-পাচলিৰ অত্যাধিক মূল্য বৃদ্ধিয়ে সম্প্ৰতি ৰাইজক জুৰুলা কৰিছে ৷ আলু, পিয়াঁজকে ধৰি শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত ব্যৱসায়ী সকলে কয় যে, এইবাৰ বানপানী আৰু অত্যাধিক বৰষুণৰ বাবে শাক-পাচলি বিনষ্ট হোৱাৰ বাবে এইবাৰ শাক-পাচলিৰ মূল্য বৃদ্ধি হৈছে ৷

ইপিনে বজাৰ কৰিবলৈ অহা একাংশ গ্ৰাহকে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰ খনৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ চৰকাৰ খনে অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰো অভিযোগ তোলে গ্ৰাহক সকলে ৷ ইয়াৰ উপৰিও ব্যৱসায়ী সকলে নিজৰ ইচ্ছামতে মূল্যবৃদ্ধি কৰিছে বুলি একাংশই ব্যক্ত কৰে ৷

Exit mobile version