বিপিএফে বিটিচি পৰিষদ গঠন কৰি বিটিআৰ চুক্তিৰ সংশোধন কৰিব- হাগ্ৰামা মহিলাৰী

IMG 20201030 WA0025

চিৰাং জিলাৰ পাণবাৰীৰ ভাংনামাৰীত প্ৰায় ১৫ সহস্ৰাধিক লোকৰ উপস্থিতিত বিপিএফৰ বিশাল নিৰ্বাচনী সভা। বিটিচিৰ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ সমৰ্থনত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী । মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত সৰহ সংখ্যক আসন জয় লাভেৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ।

তেওঁ লগতে কয় যে সকলো দলেই নিজৰ নিজৰ দলীয় ৰণ কৌশললৈ কাম কৰি গৈছে । এতিয়ালৈ বিজেপিৰে মিত্ৰতা আছে যদিও পৰিষদীয় নিৰ্বাচনৰ পিচত ইয়াৰ চূড়ান্ত ৰূপ দিব ।বিপিএফৰ দলীয় কোনো সংঘাত নাই বুলিও কয় হাগ্ৰামাই । আনফালে সম্প্ৰতি বিপিএফৰ ভিতৰ চৰাত সংঘাত হৈ আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কোনো সংঘাত নাই বুলি স্পষ্ট কৰি দিয়ে ।

ইয়াৰোপৰি সভাপতি গৰাকীয়ে পুনৰ পৰিষদ দখল কৰা বাবে আন আন ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাৱে বিপিএফেও প্ৰয়োজনীয় ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে বুলি মন্তব্য কৰে । ইপিনে ক’ভিড প্ৰট’কল ভংগ কৰি ভাংনামাৰী হাইস্কুল খেলপথাৰত বিপিএফে আয়োজন কৰা এই বিশাল নিৰ্বাচনী সভাত পোন্ধৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।

সভাত হাগ্ৰামা মহিলাৰীৰ উপৰিও বিপিএফৰ বিপুল ৰাভা, মহিলা বিপিএফৰ উপসভানেত্ৰী নিৰুপমা বসুমতাৰী, সম্পাদিকা আখতাৰা বেগম, বিজনী সমষ্টীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়েও অংশগ্ৰহণ কৰে । শনিবাৰে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ভূৰতিনালি থাইজাঝোৰাত হাগ্ৰামা মহিলাৰীয়ে ।

ধৰ্মীয় অনুষ্ঠান সমূহত ক’ভিডৰ নীতি-নিয়ম প্ৰযোজ্য হয় কিন্তু ৰাজনৈতিক সভা-সমিতি সমূহত ব্যতিক্ৰম হোৱাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে ।

Exit mobile version