ৰাজ্যৰ ছটা স্থানত হ’ব বান আশ্ৰয় গৃহ : মুখ্যমন্ত্ৰী

IMG 20201030 WA0021

বিহপুৰীয়া বিধানসভাসমষ্টিৰ অন্তৰ্গত বাহগড়া -ধুনাগুৰীত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহপুৰীয়া বান আশ্ৰয় শিবিৰৰ শিলান্যাস স্থাপন কৰে । ৰাজ্যৰ প্রথমটো বান আশ্ৰয় গৃহ নিৰ্মাণৰ শিলান্যাস স্থাপনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে বছৰি বান খহনীয়াত আক্ৰান্ত হৈ জীয়াতু ভুগি অহাৰ বাবেই দুৰ্যোগ প্ৰশমন বিভাগে ৰাজ্যৰ ছটা স্থানত বহুমুখী বান আশ্ৰয় গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰে ।

বিহপুৰীয়া বনপুৰৈ জামুগুৰিত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে দহকোটি ৫০ লাখ টকাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰাৰ লগতে মাজুলী-ধুনাগুৰি সংযোগী দলং নিৰ্মাণৰ কামো আগবঢ়া বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰীয়ে । লগতে বৰ্তমানৰ চৰকাৰে ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লোৱা বুলি উল্লেখ কৰে ।

শিক্ষা, ক্ৰিয়া আৰু সংস্কৃতিৰ জৰিয়তে যুৱ প্ৰজন্মক আগবাঢ়ি যাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ভাষা-সংস্কৃতিৰ বিকাশৰ বাবে চৰকাৰে ৮ হেজাৰ সত্ৰ নামঘৰৰ লগতে ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে সাহিত্য সভা সমূহলৈ এককালীন সাহার্য প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে। অহা ডিচেম্বৰত এক লাখ ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান কৰিবলৈ ৰাজহ মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে ।

উল্লেখযোগ্য যে, দুৰ্যোগ প্ৰশমন বিভাগৰ ২ কোটি ৫১ লাখ টকাৰে নিৰ্মাণ কৰিবলগা পাঁচহেজাৰ বর্গফুটৰ বহুমুখী বান আশ্ৰয় গৃহই বিহপুৰীয়া ৰাজহচক্ৰ এলেকাৰ ২১ খন গাঁৱৰ বান খহনীয়াগ্ৰস্ত সকলক উপকৃত কৰিব ।

 

Exit mobile version