বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে বিশেষকৈ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা অাৰু অগপ দলৰ ভিতৰত যি বাকযুদ্ধ আৰম্ভ হৈছে সেয়া অাজি পুনৰ বাৰ দেখিবলৈ পোৱা গল পাটাছাৰকুছিত অগপই কাৰ্যালয় ভবন খোলা সময়ত৷অাজি পাঠশালাত অসম গণ পৰিষদে এটা নতুন কাৰ্যালয় মুকলি কৰে ৷
লগতে উক্ত কাৰ্যালয়ৰ পৰা আগন্তুক নিৰ্বাচন পৰিচালনা হোৱাৰ কথা সদৰীও কৰে ৷ বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ দাসে অাজি ফিটা কাটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অগপৰ কাৰ্যালয়টো ৷ উল্লেখযোগ্য যে অাজি মাথো কেইদিন মান আগলৈ অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ নেতৃত্বত পাঠশালাত অগপৰ কাৰ্যালয় আাছিল যদিও অাজি এক প্ৰকাৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকাক এঘৰীয়া কৰি বজালী অগপৰ এনে পদক্ষেপ বিশেষ ভাৱে দৃষ্টিকটু হৈ পৰিছে৷ এনে ক্ষণত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মতানৈক্যৰ বাবে পবিন্দ্ৰ ডেকা আঁতৰি থকা বুলি প্ৰকাশ কৰে গুণীন্দ্ৰ দাসে l
ইয়াৰ পিছতে বিধায়ক দাসেও অগপই বিজেপিক পাটাছাৰকুছি এৰি দিয়াৰ পক্ষপাতী নহয় বুলি সদৰি কৰে ৷ তেনে ক্ষণত পবিন্দ্ৰ ডেকাৰ সলনি অগপ দলে ড০ ৰণজিৎ ডেকাক পাটাছাৰকুছিত প্ৰাৰ্থীত্ব দিয়াৰ ইংগিত প্ৰদান কৰে ৷ অৱশ্যে অগপ নেতা ধ্ৰুব দত্ত, ধৰ্মেশ্বৰ ৰয় অাৰু অমিয় দাসেও সমষ্টিত অন্যতম দাবীদাৰ হিচাপে চিহ্নিত হৈ আছে ৷
তদুপৰি নিজেও বৰপেটাত পুনৰ নিৰ্বাচনৰ বাবে সাজু অাছে বুলি বিধায়ক গুনিন্দ্ৰ দাসে জানিবলৈ দিয়ে ৷আনহাতে তেনে ক্ষণতে অাজি পাটাছাৰকুছিত অগপ বিধায়ক পবিন্দ্ৰ ডেকাই সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্ত্বব্য প্ৰদান কৰি কয় যে অগপ – বিজেপি মিত্ৰজোটে আগন্তুক নিৰ্বাচনত মাথো ২৫ খন আসন হে লাভ কৰিব ৷ বিজেপিয়ে ১০০ খন আসন পাম বুলি কৈ থাকিলেও সেয়া ৰাইজে অাৰু বিশ্বাস নকৰে৷”
ইপিনে আজি পাটাছাৰকুছি অগপই কাৰ্যালয় লোৱা ক্ষণত আৰু মহিলা পৰিষদৰ সভাত কোনো নিমন্ত্ৰণ নাপালে বুলি জানিবলৈ দিয়ে পবিন্দ্ৰ ডেকাই৷ লগতে পূৰ্বৰ মত অটুত ৰাখি অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণে এতিয়া দলীয় সভাত নৃত্য কৰিয়ে থাকিব লাগিব বুলি পুনৰ কটাক্ষ কৰে l