নিদ্ৰাৰত অৱস্থাতে চিৰশয়ন ‘জেমছ বণ্ড’ ছন ক’নাৰিৰ

connery head

‘বণ্ড…জেমছ বণ্ড’ আইৰিছ উচ্চাৰণেৰে ভাবলেশহীন অভিব্যক্তিৰে দর্শকৰ মনত শিহৰণ তােলা হলিউদৰ অভিনেতা ছন ক’নাৰিৰ শনিবাৰে মৃত্যু হয় । হলিউদৰ বিখ্যাত ‘জেমছ  বণ্ড’  শৃংখলাৰ ‘এজেন্ট ০০৭’ চৰিত্ৰটোক জীৱন্ত কৰি তােলা স্কটিছ অভিনেতাজনে শায়িত অৱস্থাতে চিৰনিদ্রা গ্রহণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ । শেহতীয়াকৈ ক’নাৰিয়ে পৰিয়ালসহ বাস কৰিছিল বাহামা দ্বীপপুঞ্জত । তাতেই তেওঁ শেষনিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে ক’নাৰিয়েই প্রথমবাৰলৈ জেমছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল । ব্রিটিচ সাংবাদিক-ঔপন্যাসিক ইয়ান ফ্লেমিঙে নিজৰ কলমেৰে সৃষ্টি কৰা সুদর্শন গুপ্তচৰৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি এই পর্যন্ত বহু ছবি নির্মাণ হৈছে । এই পর্যন্ত সাতজন অভিনেতাই বণ্ডৰ ভূমিকা ৰূপায়ণ কৰিছে । অৱশ্যে আজি পর্যন্ত ক’নাৰিকে শ্রেষ্ঠ জেমছ বণ্ড আখ্যা দিয়া হয় ।

১৯৬২ৰ পৰা ১৯৮৩ পর্যন্ত তেওঁ সাতখন জেমছ বণ্ড শৃংখলাৰ ছবিত অভিনয় কৰিছিল । এই ছবিসমূহ হৈছে ‘ডক্টৰ নাে’, ‘ফ্রম ৰাছিয়া উইথ লাভ’, ‘গ’ল্ডফিংগাৰ’, ‘থাণ্ডাৰবল’, ‘ইউ অনলী লাইভ টুৱাইচ’, ‘ডায়মণ্ডছ আৰ ফৰেভাৰ আৰু ‘নেভাৰ ছে নেভাৰ এগেইন’ । ২০০০ত নাইট সন্মান অর্জন কৰা সুদর্শন অভিনেতাজনে সুদীর্ঘ অভিনয় জীৱনত এবাৰ অস্কাৰ বঁটাৰ উপৰি তিনিবাৰ গল্ডেন গ্ল’ব আৰু দুবাৰ বাফটা বঁটা অর্জন কৰিছিল ।

১৯৮৭ত মুক্তি লাভ কৰে ক’নাৰিয়ে অভিনয় কৰা ব্রায়ান ডি পালমাৰ পৰিচালিত ‘দ্য আনটাচ্চেবল’ নামৰ ছবিখনে । এই ছবিত তেওঁৰ সহ অভিনেতা আছিল ৰবার্ট ডি নিৰাে, কেভিন কষ্টনাৰ, এণ্ডি গার্ডিয়াৰ দৰে কিংবদন্তি অভিনেতা । এজন আইৰিছ আৰক্ষী বিষয়াৰ চৰিত্ৰত সাৱলীল অভিনয়ৰ বাবে ক’নাৰিয়ে শ্রেষ্ঠ সহ অভিনেতাৰ অস্কাৰ লাভ কৰিছিল । জেমছ বণ্ড শৃংখলাৰ উপৰি ক’নাৰিয়ে অভিনয় কৰা আন একাংশ উল্লেখনীয় ছবি হৈছে ‘মার্ণি’, ‘মার্ডাৰ অন দ্য অ’ৰিয়েন্ট এক্সপ্ৰেছ’, ‘দ্য মেন হু উড বি কিং’, ‘এ ব্রিজ টু ফাৰ’, ‘ফাইণ্ডিং ফৰেষ্টাৰ’, ‘দ্য ৰক২’, ‘দ্য হান্ট ফৰ ৰেড অক্টোবৰ’, ‘হাইলেণ্ডাৰ’, ‘দ্য নেম অৱ দ্য ৰ’জ’ আৰু ‘ইণ্ডিয়ানা জোন্স এণ্ড দ্য লাষ্ট ক্রুছেড’ ।

জেমছ বণ্ড শৃংখলাৰ ছবিৰ অন্যতম প্রযােজক বাৰবাৰা ব্ৰক’লি আৰু মাইকেল জি উইলছনে টুইটাৰত শােক প্রকাশ কৰি লিখিছে, ‘ছাৰ ছন কনাৰিৰ বিদায়ৰ বাতৰিত আমি ভাঙি পৰিছাে । তেওঁ প্ৰকৃত জেমছ বণ্ড ৰূপেই সদায় স্মৰণীয় হৈ ৰ’ব।’ বলিউদৰ অভিনেতা অভিষেক বচ্চনে শােক প্রকাশ কৰি কয় যে, আজি আন এজন কিংবদন্তিয়ে বিদায় ল’লে । তেওঁ টুইটত লিখিছে, ‘আজি আৰু এজন কিংবদন্তিক আমি হেৰুৱালাে । ‘হাইলেণ্ডাৰ’ উপভােগ কৰাৰ পাছত মই ভাবিছিলাে তেওঁ সদায় অমৰ হৈ থাকিব।

Exit mobile version