- পুনৰ পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছে । পাক-ভাৰত সীমান্তত আজি পুৱাই পাকিস্থানৰ সেনাই তিনিটা স্থানত যুদ্ধ বিৰতি উলংঘা কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ।
- এই আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত দুঘণ্টা ধৰি সংঘৰ্ষ চলি থাকে ।
- ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি পুৱা ৫ বজাত পাক সেনাই কাশ্মীৰৰ পুঞ্চ জিলাৰ ছাহপুৰ, কিৰ্নি আৰু কাছবা অঞ্চলত গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলায় ।
- অৱশ্যে এই ঘটনাত ভাৰতীয় সেনাৰ কোনো বিষয়া অথবা জোৱান হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।
- উল্লেখ্য কিছুদিন পূৰ্বে ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰি গুলিচালনা কৰাত এগৰাকী ভাৰতীয়া সেনা বাহিনীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল ।
- আনহাতে বিগত মাহত ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানী সেনা বাহিনীয়ে যুদ্ধবিৰতি উলংঘা কৰি কৰা গুলিচালনাত দুগৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱান আৰু এগৰাকী সেনা বিষয়া শ্বহীদ হ’বলগীয়া হৈছিল ।