মন্ত্ৰী ৰূপে নহয় নিজক ঢুলীয়া ৰুপে পৰিচয় দিলে ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে

426c32cc 0421 4fe8 a65e 5300507c801e

অসমৰ চাহ বাগিছাসমূহত ১১৯ খন আদৰ্শ হাইস্কুল নিৰ্মাণৰ কাৰ্যসূচী ইতিমধ্যে ৰাজ্যৰ বিভিন্ন চাহ বাগিছাসমূহত আৰম্ভ হ’ল।

আজি প্ৰস্তাৱিত কাৰ্যসূচীৰ আধাৰশিলা ৰূপায়ন কৰা হয় তিনিচুকীয়াৰ কেহাং চাহ বাগিছাত।

আধাৰশিলাৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যিক শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে।

আয়োজিত কাৰ্যসূচীৰ অন্তত এখনি সাংস্কৃতিক সভাৰো আয়োজন কৰা হয়, য’ত মন্ত্ৰী সঞ্জয় কিষানৰ ঢোল বাদনত শিল্পী সীমান্ত শেখৰ আৰু দুলাল মানকিয়ে ঝুমুৰ গীত পৰিবেশন কৰাত উপস্থিত ৰাইজে হাত চাপৰিৰে নৃত্য কৰি অভিনন্দন জনায়।

সভাত মন্ত্ৰী সঞ্জয় কিষানে মত প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত আদৰ্শ হাইস্কুলসমূহে বাগিছাসমূত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব।

এই বিদ্যালয়সমূহে বাগিছাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভবিষ্যত সুন্দৰ কৰি তুলিব।

Exit mobile version