মহানগৰীৰ পাণ্ডু বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

931add54 6bff 49d9 b68f 724db4d575f7

মহানগৰীৰ পাণ্ডু বজাৰত শনিবাৰে নিশা প্ৰায় এক বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত প্ৰায় ১২ খন দোকান ভস্মীভূত হয়।

গেলা মালৰ দোকানত চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

ইপিনে অগ্নিকাণ্ডৰ প্ৰায় দুই-তিনি কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

অগ্নিকাণ্ডটো নিশা সংঘটিত হোৱা বাবে উক্ত দোকানসমূহৰ পৰা একো সা-সম্পত্তি বাহিৰলৈ উলিয়াবলৈ সক্ষম নহ’ল বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

ইয়াৰ পাছত ঘটনাস্থলীত প্ৰায় আঠ খন অগ্নিনির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপন কৰে।

উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে উক্ত অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

Exit mobile version