“ক’ত কেনেদৰে গল দিব লাগে সেয়া মই জানো, মই অৰিজিনেল ফুটবল প্লেয়াৰ” – হাগ্ৰামা মহিলাৰী

Screenshot 35

চিৰাং জিলাৰ বাসুগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিজয়গাওঁৰ ৰত্নপীঠ খেলপথাৰত অনুষ্ঠিত গুনোধৰ ৰাজবংশী আৰু শ্ৰীমতী ৰাজবংশী সোঁৱৰণী ফুটবল ট্ৰফীৰ চূড়ান্ত খেলত মুখ্য অতিথি হিচাপে থাকি চুড়ান্ত খেলৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

আজি অনুষ্ঠিত চূড়ান্ত খেলত কাকাৰাগাঁও ৰাভাপাৰা এফ চি বনাম কুৰ্শাকাটি এন্টিভাইৰাছৰ মাজত হোৱা খেলত কাকৰাগাঁও ৰাভাপাৰা এফচিয়ে কুৰ্শাকাটী এন্টিভাইৰাছ দলক ২-১ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। খেলখনত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে খেল খনৰ শুভাৰম্ভ কৰাৰ লগতে আগন্তুক ২০২১ বৰ্ষত খেলপথাৰ খনৰ বাবে আঢ়ৈ কোটিৰ পৰা তিনি কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে ।

আনহাতে, বিটিচি পৰিষদীয় নিৰ্বাচনৰ সন্দৰ্ভত তেঁও কয় যে “ক’ত কেনেদৰে গল দিব লাগে সেয়া মই জানো । মই অৰিজিনেল ফুটবল প্লেয়াৰ ।” আজিৰ অনুষ্ঠিত খেলখন পৰিচালনা কৰে ৰেফাৰী স্বপন কুমাৰ ৰায়, জগেশ্বৰ সিংহ, ৰাজু ৰায় আৰু ৰাজু কুমাৰ ৰায়ে।

Exit mobile version