চিৰাং জিলাৰ বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত ভয়াবহ অগ্নিকাণ্ড

WhatsApp Image 2020 11 02 at 8.35.13 PM

চিৰাং জিলাৰ বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । সন্ধিয়া ৭.৩০ বজাত হঠাত সূত্ৰপাত হয় এই অগ্নিকাণ্ডটো । এই পর্যন্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ।

ADVERTISEMENT

অগ্নিকাণ্ডত বজাৰখন সম্পূৰ্ণ জুইত জাহ যোৱাৰ লগতে বজাৰৰ পৰা ২নং বিষ্ণুপুৰ গাঁওলৈ জুইৰ লেলিহান শিখা বিয়পি পৰাত গাঁওখনৰ বহুকেইটা ঘৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় ৫০ লক্ষাধিক টকা মূল্যৰ ক্ষয়-ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে ।

আনহাতে বিজনীৰ পৰা উত্তৰ দিশে প্ৰায় ১২ কিলোমিটাৰ উত্তৰে অৱস্থিত ২নং বিষ্ণুপুৰ বজাৰত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী গৈ পোৱাত পলম হোৱাৰ বাবে অধিক ভয়াৱহ হৈ পৰে অগ্নিকাণ্ড । এতিয়াও অব্যাহত থকা জুইৰ ভয়াবহ ৰূপ কোনো পধ্যেই নিয়ন্ত্ৰণত আনিব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীয়ে । অগ্নিনিৰ্ব্বাপক বাহিনী, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে গাঁওবাসীয়ে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

Exit mobile version