চিৰাঙৰ পানবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

39162ae6 da40 4ec1 aa8e edc71834e0d3

চিৰাঙৰ পানবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ‍্যোতি ৰায়ৰ নেতৃত্বত চলা অভিযানত পানবাৰী থানাৰ অন্তৰ্গত বৌপাৰ গাঁও আৰু মানাহ নদীৰ পাৰত অবৈধ ভাৱে মজুত ৰখা লক্ষাধিক টকা মূল‍্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

তাৰ পিছতে আৰক্ষীয়ে জব্দকৃত চোৰাং কাঠ সমূহ বন বিভাগক গতাই দিয়ে । এই ঘটনাত আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই যদিও এই সন্দৰ্ভত পানবাৰী থানাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব‍্যাহত ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতিকাষৰীয়া এই সমূহ অঞ্চলত দীৰ্ঘদিনৰ পৰাই চোৰাং কাঠৰ ব‍্যৱসায় চলি আছিল ।

প্ৰায়েই আৰক্ষী আৰু বন বিভাগে অভিযান চলাই চোৰাং কাঠ জব্দ কৰে যদিও নিতৌ নতুন নতুন পদ্ধতিৰে চোৰাং কাঠ ব্যৱসায়ীসকলে চোৰাং কাঠৰ ব‍্যৱসায় অব্যাহত ৰাখিছে । এই সন্দৰ্ভত অনাগত দিনত আৰক্ষীয়ে চোৰাং কাঠৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাব বুলিও জনায় বিজনী মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ।

Exit mobile version