ট্ৰাম্পৰ জয় নিশ্চিত : এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভৱিষ্যতবাণী কৰিলে ভাৰতীয় জ্যোতিষীয়ে

im 72847

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হোৱা বিতৰ্কই অন্তিম পৰ্যায়ত উপনীত হৈছে । আৰ্থিক সংকট, কৰ’নাৰ সন্ত্ৰাসে সৃষ্টি কৰা সংকট ইত্যাদি নিৰ্বাচনৰ সময়ত ডনাল্ড ট্ৰাম্প আৰু জ’ বাইদেনৰ মাজত হোৱা বিতৰ্কৰ বিষয় ।

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ আগেয়ে চূড়ান্ত যুক্তি উত্থাপন কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে, আমেৰিকাত কেৱল কৰ’না ভাইৰাছৰ সংক্ৰমণ দিশে ধাৱমান হৈছে । ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে ক’ভিড-১৯ত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে বুলি মিছা আৰু ভিত্তিহীন অভিযোগ কৰিছে ।

ডনাল্ড ট্ৰাম্পে তেঁওৰ দ্বিতীয় কাৰ্যকালত জয়ী হোৱাৰ আশা কৰিছে । ইয়াৰ মাজতে ট্ৰাম্পৰ জয়ৰ কথা ভৱিষ্যৎ বাণী কৰিছে এজন ব্যক্তিয়ে। এখন ফটোৱে ছ’চিয়েল মিডিয়াত বিশেষ চর্চা লাভ কৰিছে । এজন ভাৰতীয় জ্যোতিষীয়ে দাবী কৰিছে যে ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে নিশ্চিতভাৱে জয় লাভ কৰিব।

তেওঁৰ দাবীৰ সত্যতা প্ৰমাণৰ বাবে সূৰ্য্যৰ চিহ্ন গণনা কৰি দেখুৱাইছে । আনহাতে জ্যোতিষীজনৰ গণনাত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে কমেও ৪ লাখ ভোটত জয় লাভ কৰিব । কিন্তু ট্ৰাম্পৰ ওপৰত ভোট পৰিচালনা বা হেক কৰাৰ অভিযোগ উত্থাপন হ’ব ।

Exit mobile version