অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বঙাইগাঁওত জিলা কৃষক মুক্তিৰ প্ৰতিবাদ

9eee9f43 aad5 4908 9a92 93a0c9aa4475

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বঙাইগাঁওত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ সমষ্টিতে মন্ত্ৰীজনৰ পুত্তলিকাত আলু- পিয়াজৰ মালা পিন্ধাই পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

কৃষক মুক্তিৰ বঙাইগাঁও জিলা সম্পাদক নন্দন দেৱনাথে এই সন্দৰ্ভত কয় যে যি সময়ত আলু-পিয়াজৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে সেই সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ আছে মিঞা মিউজিয়াম, চিৰিয়াখানাৰ বাঘে গৰু খাব নে গাহৰি খাব এই বিষয়ক লৈ ।

মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি কয় যে অসম চৰকাৰৰ বিত্ত আৰু যোগান মন্ত্ৰী ফাঁচি বজাৰৰ বনিয়াৰ ওচৰত আঠুকাঢ়ি বহি আছে । যাৰ বাবে সোমবাৰে তুলসীবিলত একে পৰিয়ালৰ পাঁচ জনকৈ লোকে আত্মহত্যা কৰিবলগীয়া হৈছে ।

বিজেপিৰ ব্যৰ্থতাৰ বাবে দেশত সাত মাহতকৈ অধিক সময় হোৱা তলাবন্ধৰ ফলত ভাৰতৰ ৪৩ হেজাৰ লোকে আত্মহত্যা কৰাৰ উপৰি ২ কোটি লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে । কৰ্মসংস্থাপনৰ বিপৰীতে আকাশলংঘী মূল্যবৃদ্ধি হৈছে । সেয়ে অহা বিধান সভা নিৰ্বাচনত চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে অসমবাসী সাজু হৈ থকা বুলিও কয় নন্দন দেৱনাথে ।

আনহাতে, প্ৰায়বোৰ অত‍্যাৱশ্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যর্থ হৈ পৰিছে । চৰকাৰৰ ব‍্যাৰ্থতা ঢাকি জনসাধাৰণক অইন ফালে ঢাল খুৱাবলৈ বিভিন্ন ধৰণৰ মূল্যহীন বিতৰ্কৰ সূচনা কৰিছে চৰকাৰে । কোনো মতে ধৰ্মীয় মেৰুকৰণ কৰি নতুবা নতুন নতুন বিষয়ৰ সৃষ্টিৰে বিজেপিয়ে পুনৰ ২০২১ৰ বিধান সভা নিৰ্বাচন পাৰ কৰাৰ চেষ্টা চলাইছে বুলি কৃষক মুক্তিয়ে অভিযোগ উত্থাপন কৰিছে ।

Exit mobile version