অমিতাভৰ বিৰুদ্ধে অভিযোগ দাখিল বিজেপি নেতাৰ

415a42ba d85c 4585 ba36 9b7ac467b34f

ধৰ্মীয় আবেগক আঘাত দিয়াৰ অভিযোগত বিজেপিৰ ৰোষত পৰিল অমিতাভ বচ্চন। মঙলবাৰে অমিতাভ বচ্চনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক অভিমন্যু পৌৱাৰে ।

অভিমন্যুৱে দাবী কৰা মতে, টেলিভিছনৰ কৌন বনেগা কৰৌড়পতিৰ এটা খণ্ডত হিন্দু ধৰ্মৰ ভাবাবেগত আঘাত দিয়া হৈছে। ইয়াৰ উপৰিও লোকজনক অপমান কৰাৰ চেষ্টা কৰা হৈছে । হিন্দু আৰু বৌদ্ধ ধৰ্মীয় লোকৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। অমিতাভৰ বাহিৰেও অভিমন্যুৱে শ্ব’টোৰ নিৰ্মাতা ছ’নী এণ্টাৰটেইনমেইণ্ট টেলিভিছনৰ ওপৰতো অভিযোগ উত্থাপন কৰে ।

আনহাতে, বিজেপিৰ নেতাজনে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষীক অনুৰোধ জনাইছে ।

অভিযোগ উত্থাপন কৰা কৌন বনেগা কৰৌড়পতিৰ সেই খণ্ডটোৰ অতিথি আছিল সামাজিক কাৰ্যকর্তা বেজবাড়া বিলছন আৰু অভিনেতা অনুপ চ’নী । তেওঁলোকৰ প্ৰতি অমিতাভৰ প্ৰশ্ন আছিল যে, ১৯২৭ৰ ২৫ ডিচেম্বৰত বিআৰ আম্বেদকাৰ আৰু তেঁওৰ অনুগামী সকলে কোনখন কিতাপ জ্বলাই দিছিল ? ৬ লাখ ৪০ হেজাৰ টকাৰ এই প্ৰশ্নটোৰ উত্তৰ দিছিল ৪ টা – (ক) বিষ্ণুপুৰাণ (খ) ভাগৱত গীতা (গ) ঋকবেদ আৰু (ঘ) মনোস্মৃতি ।

উক্ত প্ৰশ্নৰ উত্তৰ নোপোৱাত অমিতাভে কয়, ১৯২৭ ত হিন্দু গ্ৰন্থ মনোস্মৃতিৰ নিন্দা কৰিছিল আম্বেদকাৰে । অমিতাভৰ এই বাখ্যাত ক্ষোভিত প্ৰকাশ কৰিছে বিজেপি নেতাজনে। তেঁওৰ দাবী চাৰিটা অপ্সন হিন্দু ধৰ্ম সম্পৰ্কীয় । এই কথা স্পষ্ট যে, হিন্দু ধৰ্মৰ ভাবাবেগত আঘাত দিয়াই আছিল এই প্ৰশ্ন উত্থাপনৰ প্ৰকৃত উদ্দেশ্য ।

Exit mobile version