এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপ থাকিবই : ৰঞ্জিত দাস

3bb10843 4623 40c8 a801 01a82c025d18

আজি চিৰাং জিলা বাসুগাঁও পৌৰ সভাৰ সভাকক্ষত অনুষ্ঠিত বিজেপি জিলা কাৰ্যনিবাহক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । সভাত অংশগ্ৰহণ কৰি দাসে এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপ থাকিবই বুলি উল্লেখ কৰি কয় যে বিটিচি নিৰ্বাচনৰ দিন যিহেতু ঘোষণা কৰা নাই সেয়ে আনুষ্ঠানিক ভাৱে আমি বিটিচি নিৰ্বাচনৰ বাবে সভা-সমিতি এতিয়াও আৰম্ভ কৰা নাই ।

কিন্তু বিটিচিত দলীয় স্থিতি শক্তিশালী কৰাৰ ব্যৱস্থা কৰিছো । উল্লেখ্য যে, বিটিচিত ২৬ টা আসনত প্ৰতিদন্দ্বিতা কৰিব বিজেপিয়ে । বিপিএফ বা ইউপিপিএল কাৰ সৈতে মিত্ৰতা থাকিব সেয়া বিটিচি বাসীয়েহে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সোমবাৰৰ পৰা এমাহ জোৰা কাৰ্য্যসূচীৰে বিটিচিৰ নিৰ্বাচনী পৰিৱেশ পৰ্যালোচনা কৰাৰ কথাও জনায় সভাপতি গৰাকীয়ে ।

লগতে বিজেপিৰ উত্থানত বিভিন্ন ৰাজনৈতিক দল শংকাত পৰা বুলিও দাবী কৰে দাসে । আনহাতে, কংগ্ৰেছ-এআইইউডিএফে মহা শূণ্যৰ লগত মিত্ৰতা কৰি মহা শূণ্যই পাব বুলি উল্লেখ কৰি দাসে কয় যে এআইইউডিএফৰ উত্থানত কংগ্ৰেছ শংকিত হৈছে । সেয়ে কংগ্ৰেছে মিঞা ৰাজনীতিৰে মিঞা মিউজিয়ামৰ ৰাজনীতি আৰম্ভ কৰিলে আৰু ধৰ্মীয় মেৰুকৰণেৰে এআইইউডিএফক সমৰ্থন জনালে ।

বিটিচিৰ বাহিৰৰ বড়ো সকলে বিজেপিক সমৰ্থন জনোৱাৰ কথাও জনাই কয় যে নবেম্বৰৰ শেষৰ পিনে বহু নেতাই বিজেপিত যোগদান কৰাৰ কথা অসমবাসীয়ে গম পাব । জনসাধাৰণ যেতিয়া বিজেপিত আহিব তেতিয়া জন নেতাইও বাধ্য হৈ বিজেপিত যোগদান কৰিব ।

কোকৰাঝাৰৰ তুলসীবিলৰ ঘটনাৰ সন্দৰ্ভত তেঁও কয় এটা মাত্ৰ পৰিয়াল নহয় ভাৰতৰ বহু ঠাইত এনে ঘটনা হৈছে । মোদী চৰকাৰে কৰ’নাকালত বহু সহায় কৰিছে গতিকে খাদ্যৰ অভাৱত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে দাসে ।

আনহাতে, চিৰাং জিলা বিজেপিৰ কাৰ্যনিবাহক সভাত উপস্থিত থাকি মন্ত্ৰী ভৱেশ কলিতাই কয় যে বিটিচিৰ চাৰিওখন জিলাতে বিজেপিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে । সকলো লোকে বিজেপিক সমৰ্থন কৰিছে । মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী জনে কয় যে চৰকাৰে মূল্যবৃদ্ধি কৰা নাই । এইটো সময়ত মূল্যবদ্ধি সাধাৰণ ভাৱেই হয় । লগতে তেঁও কয় যে বিটিচিত নহয় বিধানসভাতহে বিপিএফৰ স’তে মিত্ৰতা আছে ।

Exit mobile version