চিৰাঙৰ বেংতলত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

9fa0cc30 f019 44a3 bfab 8637cf21a18f

চিৰাঙৰ বেংতলৰ ৰাণীসুন্দৰীত আই নদীৰ পাৰঘাটত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত ৬ কেজি গাঞ্জা সহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে বিশেষ সূত্ৰৰ পৰা পোৱা তথ‍্যৰ ভিত্তিত আৰক্ষী আৰু চিআৰপিএফৰ দল এটাই জিলাখনৰ ৰুনিখাতা থানা তথা বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতল ৰাণীসুন্দৰীৰ আই নদীৰ ঘাটত বিয়লি অভিযান চলায় ।

অভিযানত চাইকেলেৰে অহা আমগুৰীৰ নবীন নাৰ্জাৰী (৩২) নামৰ লোকজনে বস্তাত ভৰাই ৬ কেজি গাঞ্জা বেংতললৈ অনাৰ সময়তে আৰক্ষীয়ে লোক জনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে আৰু গাঞ্জাসহ চাইকেল আৰু এটা ম’বাইল ফোন জব্দ কৰে ।

উল্লেখ‍্য যে জিলাখনত নিচা জাতীয় দ্ৰব‍্য, ড্ৰাগচ আদিৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান চলাই বহু কেইজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । কিন্তু তাৰ পিছতো গোপনে নিচাজাতীয় দ্ৰব‍্যৰ ব‍্যৱসায় চলাই গৈছে দুষ্টচক্ৰই ।

Exit mobile version