জন্মদিন উদযাপন কৰিবলৈ গোৱা পালেগৈ অংকিতা আৰু মিলিন্দ

WhatsApp Image 2020 11 03 at 1.53.35 PM

মিলিন্দ সুমন আৰু অংকিতা কোঁৱৰ ছ’চিয়েল মিডিয়াৰ যে জনপ্ৰিয় দম্পতি এই কথাত কোনেও অস্বীকাৰ কৰিব নোৱাৰে । দুয়োৱে বেছিভাগ সময় ইজনে সিজনৰ ভালপোৱাৰ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰাৰ বিষয়ে হয়তো বহুতে মন কৰিছে আৰু অনুৰাগীসকলে দুয়োকে আদৰিও লৈছে ।

৪ নৱেম্বৰত মিলিন্দৰ জন্মদিন উদযাপন কৰিবলৈ অংকিতা আৰু মিলিন্দে গোৱা অভিমুখে ৰাওনা হয় । এই সম্পৰ্কীয় এক পোষ্ট মিলিন্দৰ স’তে শ্বেয়াৰ কৰি অংকিতাই জনায় যে, “অতি সোনকালেই উদযাপন আৰম্ভ হ’ব ।”

অংকিতাই ফ্লাইটেৰে যাত্ৰা কৰাৰ সময়ত মিলিন্দৰ স’তে তোলা এক ফটো শ্বেয়াৰ কৰি কেপছনত লিখে যে, “off to celebrate this gorgeous human being #birthdayboy(sic).”

গোৱাত উপস্থিত হোৱাৰ পাছতো অংকিতাই মনোৰম পৰিৱেশৰ স’তে কে’বাখনো ফটো শ্বেয়াৰ কৰে ।

 

Exit mobile version