তুলসীবিল শ্মশানত একেলগে জ্বলি উঠিল পাঁচটাকৈ চিতা

Screenshot 37

গোসাঁইগাঁৱৰ তুলসীবিলত একেলগে চিপ লৈ মৃত্যুবৰণ কৰা পাঁচ গৰাকী লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি নিশা পাঁচ গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ৰ পৰা মৃতদেহ কেইটা তুলসীবিলত অনাৰ পাছত প্ৰতিবেশী তথা স্থানীয় লোকে হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি পিতৃ-মাতৃসহ তিনিগৰাকী সন্তানৰ মৃতদেহ স্থানীয় শ্মশানত দাহ কৰে । শ্মশানত পাঁচটা চিতা একেলগে জ্বলি উঠাৰ দৃশ্য আছিল অতি হৃদয়বিদাকৰ ।

উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে আত্মহত্যা কৰা পৰিয়ালৰ পৰা এখন চুইচাইড ন’ট উদ্ধাৰ কৰিছে ৷ এই চুইচাইড ন’ট খনৰ পৰা পোৱা তথ্য অনুসৰি নিৰ্মল পালৰ পৰিয়ালটো ঋণত ডুব গৈ আছিল৷যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটোৱে আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে তুলসীবিল বজাৰৰ গাতে লাগি থকা নিজ বাসগৃহত নিৰ্মল পাল (৫২), তেওঁৰ পত্নী মল্লিকা পাল (৪৫), আৰু তিনি জীয়ৰী ক্ৰমে পূজা পাল (২৫), নেহা পাল (১৭) আৰু স্নেহা পালে (১৫) চিপজৰী লৈ আত্মহত্যা কৰে ৷ সৰু ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া নিৰ্মল পালৰ বৰ জীয়ৰী পূজা বিজ্ঞানৰ স্নাতক আছিল ।

আনহাতে মাজু আৰু কনিষ্ঠা কন্যা অধ্যয়নৰত আছিল । আজি পুৱাৰ ভাগত এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি প্ৰচণ্ড হুৱা-দুৱা লাগে ৷ আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version