বটদ্ৰৱা থানত আজি গুৰুজনাৰ আশিস গ্ৰহণ কৰে এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্র সিঙে

45303678 cb91 4073 9038 57109a600b7e

বিধান সভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী থকাৰ মাজতে এতিয়া গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতাৰ ।

শেহতীয়াকৈ আজি পুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশিস গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা এ আই চি চি ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ।

AICC সম্পাদক হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে অসমলৈ অহা জিতেন্দ্ৰ সিঙে বটদ্ৰৱাত উপস্থিত হৈ প্ৰথমে বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু শ্ৰী শ্ৰী শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ বাসগৃহত উপস্থিত হৈ দুই সত্ৰৰ সত্ৰাধিকাৰ দুগৰাকীৰ লগত মত বিনিময় কৰে ।

ইয়াৰ পিছত পোনে পোনে তেওঁ কীৰ্তন ঘৰত আঠুকাঢ়ি গুৰুজনাৰ আশিস লৈ থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত পৰিচালনা সমিতিৰ স’তে মত বিনিময় কৰে । থান পৰিচালনা সমিতি কাৰ্যালয়ৰ পৰা ওলাই আহি তেওঁ সাংবাদিক আগত কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান তেওঁ দৰ্শন কৰাৰ লগতে গুৰুজনাৰ আশিস গ্ৰহণ কৰি নিজকে ধন্য মানে আৰু ৰাজ্য খনত যাতে শান্তি-সম্প্ৰীতি আৰু সমন্বয় অটুট থাকে তাৰ কামনা কৰে ।

লগতে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰা বুলি মন্তব্য কৰে । উল্লেখ্য যে, আজি কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতা গৰাকীৰ লগত উপস্থিত থাকে প্ৰাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘটোৱাৰ, দেবব্ৰত শইকীয়া, ভূপেন বৰা, প্ৰাক্তন মন্ত্রী গৌতম বৰা আৰু ৰকিবুল হুছেইনৰ লগতে দুৰ্লভ চমুৱা ।

Exit mobile version