১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

addac06e 5c4b 4817 8d56 7cd90f30e386

সোমবাৰে নিশা ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি মাজেৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

*নিশা প্ৰায় ১২.৩০ বজাত ১৫ নম্বৰ ঘাইপথৰ ভালুকমাৰীত সংঘটিত হয় দূৰ্ঘটনাটো ৷

*দুৰ্ঘটনাটোত নিহত হয় তিনিজনকৈ বাইক আৰোহী৷

*নিহত বাইক আৰোহী তিনি জন হ’ল ক্ৰমে দেভিদ দৈমাৰী(২৯) ,প্ৰানজিৎ লহকৰ(২২) আৰু মুনিন্দ্ৰ দৈমাৰী(২২ )৷

*তীব্ৰ বেগী পালছৰ বাইকত আছিল আৰোহী তিনিজন ৷

*সন্মুখৰ পৰাই বাইকখনে খুন্দিয়াই AS -01EC -0811 নম্বৰৰ নৈশ বাছখনক ৷

*ফলত ঘটনাস্থলীতে মৃত্যু হয় এজন বাইক আৰোহী দেভিদ দৈমাৰীৰ ৷

*গুৰুতৰভাৱে আহত বাইক আৰোহী প্ৰানজিৎ লহকৰৰ মৃত্যু ঘটে জিএমচিএইছত ৷

*আনহাতে টিএমচিতত মৃত্যু ঘটে আন এগৰাকী আৰোহী মুনিন্দ্ৰ দৈমাৰীৰ ৷

*একেখন বাইকেৰে ৰৌতাৰ পৰা ওৰাং অভিমূখে গৈ আছিল যুৱক তিনিজন৷

*এখন ট্ৰাকক অভাৰটেক কৰাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ৰৌতা অভিমূখী নৈশ বাছ খনক বাইকখনে খুন্দা মাৰে বুলি জানিব পৰা গৈছে ৷

*AS -01EC -0811 নম্বৰৰ নৈশ বাছখন ইতিমধ্যে জব্দ কৰিছে ৰৌতা আৰক্ষীয়ে ৷

Exit mobile version