শালবাৰীৰ কালপানী নৈৰ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ

WhatsApp Image 2020 11 04 at 6.56.50 PM

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ কালপানী নৈৰ অবৈধ খননৰ বিৰূদ্ধে মাৰ বান্ধি ওলাই আহিল স্থানীয় ৰাইজ । আজি দিনৰ ভাগত নৈপৰীয়া কুঠৰীঝাৰ, কালপানী আৰু গোলাগাঁৱৰ দাঁতিকাষৰীয়া গাঁৱৰ প্ৰায় শতাধিক ৰাইজে অবৈধ খননকাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে বেঁকী নৈৰ‌ এখন উপ নৈ কালপানীত দীৰ্ঘদিনৰে পৰা একাংশ পথ নিৰ্মাণ সংস্থাই শিল- বালিৰ অবৈধ খনন চলাই অহাত অঞ্চলটোৰ জনসাধাৰণৰ জীৱন-জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । কালপানী নৈৰ এই অবৈধ খননে নৈৰ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ শংকাত ক্ষুব্ধ হৈ গাঁওবাসীয়ে আজি কালপানী নৈত পথ নিৰ্মাণত জড়িত একাংশ সংস্থাৰ বিৰূদ্ধে ক্ষুব্ধ হৈ উঠে।

স্থানীয় একাংশ লোকৰ সৈতে গোপন বুজাবুজিৰে দীৰ্ঘদিন ধৰি চলি অহা অবৈধ খনন কাৰ্য শীঘ্ৰেই বন্ধ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে অন্যথা তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ক্ষুব্ধ গাঁওবাসীয়ে ৷ প্ৰতিবাদকাৰীসকলে পথ নিৰ্মাণ সংস্থাৰ এম বি কোম্পানীৰ দ্বাৰা পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত জে চি বিৰ সমুখত থিয় হৈ অবৈধ খনন শীঘ্ৰেই বন্ধ কৰক, পথ নিৰ্মাণ সংস্থা হুঁচিয়াৰ, আমি বানপানীত ডুবি মৰিবলৈ নিবিচাৰো, বানপানীত ডুবি মৰাৰ পৰা আমাক ৰক্ষা কৰক, অবৈধ কেচাৰ মিল বন্ধ কৰক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে বিগত ২০০৪ত ভূটানৰ কুৰিশ্বু নদীৰ অতিৰিক্ত পানীৰ ঢল বেঁকী নৈৰে নামি অহাৰ পিচত সমগ্ৰ বাক্সা, বৰপেটা আৰু নামনি অসমেই প্ৰচণ্ড বানৰ কবলত পৰিছিল । আনহাতে বেঁকী নৈৰ অতিৰিক্ত পানীভাগ বেঁকী নৈৰ মথাউৰি চিঙি বৰ্ত্তমান ‘ভাঙাৰপাৰ বজাৰ’ অংশৰ মাজেৰে তেতিয়া সুপ্ত হৈ থকা কালপানী নদীয়েদি বৈ যোৱাত কালপানী নৈখনেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ।

তদুপৰি কালপানী নৈৰ বানত নৈপৰীয়া কেইবাখনো গাঁৱৰ ৰাইজ জুৰুলা হৈ পৰিছিল । খেতি-বাতি, ধন, পশুধন, ঘৰ-দুৱাৰ আদি ভয়ংকৰ বানৰ কবলত পৰি উটি যোৱাৰ দৃশ্যই আজিও অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে । ইয়াৰ পিচৰ পৰা প্ৰতি বছৰেই কম বেছি পৰিমাণে অঞ্চলটোত কালপানীৰ বানে ক্ষতি কৰি আহিছে ৷

তথাপি একাংশ গঞা ৰাইজৰ সৰলতাৰ সুযোগ লৈ পথ নিৰ্মাণ সংস্থাই খননৰ কাৰ্য চলাই আছে । গাঁওবাসীয়ে চৰকাৰ, প্ৰশাসন আৰু বন বিভাগৰ একাংশ বিষয়াও এই খনন কাৰ্যত জড়িত থকাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই খনন কাৰ্য বন্ধ নকৰিলে অচিৰেই তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে ক্ষুব্ধ ৰাইজে ।

Exit mobile version