কৰ’নাৰ সুৰক্ষিত ভেকচিন ২০২১ৰ জানুৱাৰীত উপলব্ধ হ’বঃ আদৰ পুনাৱালা

Kn1fTCv6

কৰ’না ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষিত আৰু প্ৰভাৱী ভেকচিন ২০২১ৰ জানুৱাৰীত উপলব্ধ হ’ব । এই মন্তব্য ছেৰাম ইনষ্টিটিউটত অফ ইণ্ডিয়াৰ CEO আদৰ পুনাৱালাৰ ৷ দেশত ইতিমধ্যে ক’ভিশ্বিল্ড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ হৈছে ৷ আনহাতে এই ভেকচিনৰ যদি মানৱ দেহত পৰীক্ষণ সফলতাৰে সম্পন্ন হয় তেন্তে ২০২১ৰ জানুৱাৰীত উপলব্ধ হ’ব ভেকচিন ।

ভেকচিনৰ সন্দৰ্ভত CEO আদৰ পুনাৱালাই কয় “বিশ্ববাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি নিৰ্মাণ কৰা হৈছে ভেকচিন ।” লগতে এই ভেকচিনে যাতে দীৰ্ঘদিনৰ কাৰণে সুৰক্ষা আৰু মানৱ দেহত ইয়াৰ প্ৰভাৱী প্ৰতিক্ৰিয়া বৰ্তি থাকে তাৰ কাৰণে লক্ষ্য কৰা হৈছে ৷ কৰ’না ভেকচিনসমূহৰ ভিতৰত অক্স’ফৰ্ড ইউনিভাৰ্চিটিৰ AstraZeneca অন্যতম ৷ এই ভেকচিনে যুৱক আৰু বৃদ্ধ লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব ৷

ইপিনে ব্ৰিটিছ মেডিকেল এখন জাৰ্নেলত মতে AstraZeneca আৰু অক্সফ’ৰ্ড ইউনিভাৰ্চিটিয়ে কয় যে ট্ৰায়েল প্ৰক্ৰিয়াত এই ভেকচিন এটা মাত্ৰ ড’জ দিয়া হৈছে ।

উল্লেখযোগ্য যে কৰ’নাৰ ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ইতিমধ্যে বহু তথ্য প্ৰকাশ পাইছে যদিও পুনাৱালাই কয় “কৰ’নাৰ ভেকচিনৰ মূল্যৰ সন্দৰ্ভত চৰকাৰৰ লগত আলোচনা কৰা হৈছে । কৰ’নাৰ ভেকচিনটো যাতে সকলোৰে কাৰণে সহজলভ্য হয় তাৰ কাৰণে আমি চেষ্টা কৰিম ৷ “

Exit mobile version