স্বাধীনতাৰ ৭০ দশক অতিক্ৰম কৰাৰ পিছতো নিৰ্মাণ নহ’ল পকী দলং

WhatsApp Image 2020 11 04 at 5.25.10 PM

বাক্সাৰ ছাপাগুৰি সমষ্টিৰ অন্তৰ্গত জালাহ-দক্ষিণ বকুৱা সংযোগী কালদিয়া নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙৰ কাৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে স্থানীয় জনসাধাৰণ ৷ স্বাধীনতাৰ সত্তৰ দশক অতিক্ৰম কৰাৰ পাছতো বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ নহ’ল এখন পকী দলং ৷ যাৰ পৰিপ্ৰেক্ষিতত বছৰ বছৰ ধৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বস্তৰৰ ৰাইজে নৰক যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে ৷

আনহাতে নিৰ্বাচনৰ পূৰ্বে প্ৰতিবাৰেই বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ নেতা কৰ্মীয়ে অঞ্চলবাসীৰ ওচৰত ভোট ভিক্ষাৰ নামত উন্নয়নৰ ফুলজাৰি মাৰি আহে যদিও নিৰ্বাচন যোৱাৰ পাছত সেই একেই নৰক যন্ত্ৰণাৰ সন্মুখীন হৈ দিন পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সমুখীন হয় ৷

আনহাতে অঞ্চলটোৰ গাঁওবাসীয়ে প্ৰতি ঘৰৰ পৰা বাঁহ সংগ্ৰহ কৰি বিগত সত্তৰ বছৰে নিৰ্মাণ কৰি আহিছে জালাহ-দক্ষিণ বকুৱা সংযোগী কালদিয়া নৈত বাঁহৰ দলং ৷ ইপিনে দক্ষিণ বকুৱা গাঁওখনলৈ আজিও ১০৮ এম্বুলেন্স সেৱা গৈ পোৱা নাই ৷ প্ৰতি বছৰে অহা বানপানীৰ সময়ত কলৰ ভুৰেই যাতায়তৰ একমাত্ৰ সাৰথি অঞ্চলটোৰ ৰাইজে চৰকাৰক বাৰে বাৰে আবেদন কৰিও কোনো সহাঁৰি পোৱা নাই । সম্প্ৰতি ছাপাগুৰি সমষ্টিৰ ৰাইজে জালাহ-বকুৱা সংযোগী অঞ্চলটোৰ কালদিয়া নৈৰ ওপৰত এখন পকী দলঙ নিৰ্মাণ কৰিবৰ চৰকাৰলৈ আহ্বান জনাইছে ।

Exit mobile version