ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ

WhatsApp Image 2020 11 04 at 11.14.15 AM

আজি পুৱা ৬.৩০ ত মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে ৷

তথ্য অনুসৰি আৰক্ষীয়ে অৰ্ণৱক গোস্বামীক গ্ৰেপ্তাৰ কৰিবৰ সময়ত হতাহতিত লিপ্ত হয়

আনহাতে অৰ্ণৱক গ্ৰেপ্তাৰ কৰিবলৈ অহাৰ সময়ত মুম্বাইৰ আৰক্ষীৰ লগত কোনো নথি পত্ৰ নাছিল ।

সম্প্ৰতি অৰ্ণৱৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে ।ৰেল মন্ত্ৰী পীয়ুষ গোৱেল,বিজেপি সাংসদ মিনাক্ষী লেখী,মন্ত্ৰী প্ৰকাশ জাভেডকাৰ সকলোৱে মহাৰাষ্ট্ৰ চৰকাৰৰ একনায়কত্ববাদী শাসনক সমালোচনা কৰিছে ৷লগতে তেওঁলোকে সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে ৷

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ মন্তব্য ” অৰ্ণৱক সমৰ্থন নকৰা লোকসকলে ফেচীবাদত সমৰ্থন কৰে।”

আনহাতে প্ৰকাশ জাভেডকাৰৰ মন্তব্য “মহাৰাষ্ট্ৰত সংবাদমাধ্যমৰ স্বাধীনতাক গৰিহনা দিছো। এইয়া সংবাদমাধ্যমক কৰা ব্যৱহাৰ নহয় ।”

Exit mobile version