অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ

WhatsApp Image 2020 11 05 at 12.19.52 PM

দেশৰ অন্যতম চৰ্চিত সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰৰ এক আদালতে বুধবাৰে ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে । এজন ইন্টাৰিঅ’ ডিজাইনাৰ অন্ভৱ নাইকক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ এক পুৰণি গোচৰত সাংবাদিকগৰাকীক মুম্বাই আৰক্ষীয়ে বুধবাৰে পুৱা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ।

আনহাতে, ১৩ মিনিটৰ এটা ভিডিঅ’ ক্লিপত আৰক্ষীয়ে সাংবাদিকজনক নিজৰ জিম্মাত লোৱাৰ বাবে বলপ্ৰয়োগ কৰা দেখা গৈছিল । তেতিয়াই আৰক্ষীয়ে পত্নী আৰু পুত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰে সাংবাদিকজনে। ইয়াৰ পিছতে গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ বাবে মহাৰাষ্ট্ৰ আৰক্ষীক ধন্যবাদ জনাই আত্মহত্যা কৰা ইন্টাৰিয়ৰ ডিজাইনাৰ নাইকৰ পত্নী আৰু কন্যাই ।

Exit mobile version