চিৰাঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ গ্ৰেপ্তাৰ ২

c79436ea 7bbf 4b5b 9ee9 99382c946e75

চিৰাঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ভেৰভেৰি পথেৰে গৈ থকা AS 16 AC ২১৪৪ নম্বৰৰ মহিন্দ্ৰ জিটো বাহনৰ পৰা ড্ৰাগছসহ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে আৰক্ষীয়ে ড্ৰাগছৰ চাৰিটা প্লাষ্টিকৰ কন্টেইনাৰসহ দুজন ব্যক্তি ক্ৰমে কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁৱৰ জয়মাৰ ফঙল কমল ৰায় আৰু চিৰাঙৰ হাশ্ৰাওবাৰীৰ নিত‍্যানন্দ ৰায়ক আটক কৰাৰ লগতে ব্যক্তি দুজনৰ পৰা মোবাইল ফোনসহ ভূটানী আৰু ভাৰতীয় টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুয়োজনৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা গ্ৰহণৰ বিষয়েও আৰক্ষী অধীক্ষকজনে সদৰী কৰে ।

Exit mobile version