টিচিএছৰ কেন্দ্ৰৰ বিৰুদ্ধে পূৰ্বেও আছে অভিযোগ

IMG 20201105 102023

অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় যুটীয়া প্ৰবেশ পৰীক্ষাত জালিয়াতি কৰি চৰ্চিত হৈ পৰা বৰঝাৰস্থিত ই কম টাৱাৰত থকা টি চি এছ আই অ’ন ডিজিটেল জ’নত পূৰ্বতেও পৰীক্ষা নিৰীক্ষকে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ আছে ৷

যোৱা পাঁচ ছেপ্টেম্বৰত অনুষ্ঠিত পৰীক্ষাত মূল পৰীক্ষাৰ্থীৰ ঠাইত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ কৰোৱাই টি চি এছৰ পৰীক্ষা নিয়ন্ত্ৰক আৰু কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পাছতে পৰীক্ষা কেন্দ্ৰটোত পূৰ্বতে সংঘটিত কেতবোৰ অনিয়মৰ ঘটনা পোহৰলৈ আহিছে।

নেছনেল কনজুমাৰ কমপ্লেইণ্ট ফৰামৰ তথ্য অনুসৰি,২০১৯ ত টি চি এছে অনুষ্ঠিত কৰা ভাৰতীয় ষ্টেট বেংকৰ পৰীক্ষাত তাত নিয়োগ কৰা নিৰীক্ষকে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন শিক্ষাৰ্থীয়ে বিগত বৰ্ষৰ ২০ জুলাইত ফৰামক অভিযোগ দাখিল কৰি পৰীক্ষাৰ দিনা নিৰীক্ষকৰ দায়িত্বত থকা পাঁচ ছজন টিচি এছৰ কৰ্মচাৰীয়ে কৰ্তব্যৰ বিপৰীতে আড্ডা মৰাত ব্যস্ত হৈ থকাৰ কথা উল্লেখ কৰিছে ৷

তেওঁলোকক পৰীক্ষাৰ্থীৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ নিয়োগ কৰা হৈছিল যদিও উচ্চ শব্দত চুপতিত ব্যস্ত হৈ থাকি পৰীক্ষা কেন্দ্ৰলৈ অভিযোগ উত্থাপন কৰিছিল পৰীক্ষাৰ্থীয়ে । এই সন্দৰ্ভত সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰিছিল গ্ৰাহক মঞ্চই ।

উল্লেখযোগ্য যে টি চি এছৰ ইতিমধ্যে পৰীক্ষা নিয়ন্ত্ৰক হেমেন্দ্ৰ নাথ শৰ্মা আৰু কৰ্মচাৰী প্ৰাঞ্জল কলিতা গ্ৰেপ্তাৰ হৈছে যদিও কোম্পানীটোৰ আৰু কে’বাজনো কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে তদন্তকাৰী আৰক্ষীৰ দলে ৷ ফলত ঘটনাৰ সংক্ৰান্তত বিশ্বৰ আগশাৰীৰ ছফট’ৱেৰ কোম্পানীটোৱে নিজাববীয়াকৈ এক তদন্ত কৰাৰ দিশে আগবঢ়া বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷

Exit mobile version