সুধাকন্ঠৰ নৱম মৃত‍্যুবাৰ্ষিকীত অৱহেলিত হ’ল চিৰাং জিলা সদৰৰ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান

WhatsApp Image 2020 11 05 at 4.03.18 PM

চিৰাং জিলা সদৰ কাজলগাঁওৰ আলাইখুংগ্ৰী উদ‍্যানত যোৱা ২০১০ চনতে স্থাপিত কৰা হৈছিল ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান । উদ‍্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী চন্দন ব্ৰহ্মই । সম্পূৰ্ণ উদ‍্যানখন জিলা প্ৰশাসনৰ অৱহেলাৰ ফলত ঘন গছ-গছনিৰে আৱৰি পৰিছে আৰু গৰু চৰণীয়া পথাৰ সদৃশ হৈ পৰিছে ।

ADVERTISEMENT

আনহাতে, উদ‍্যানত থকা সুধাকন্ঠৰ প্ৰতিমূৰ্তিটো ভাঙি যোৱাৰ পিছত মেৰামতি আৰু চাফ-চিকুণ কৰা বাদেই আজি মৃত্যুবাৰ্ষিকীৰ দিনাও জিলা প্ৰশাসনে এগছি বন্তি জ্বলোৱাৰো কোনো ব‍্যৱস্থা নকৰিলে ।

Exit mobile version