হেপী বাৰ্থডে বিৰাট কোহলী

WhatsApp Image 2020 11 05 at 2.34.15 PM

আজি ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ ৩২সংখ্যক জন্মদিন ৷প্ৰথমতে বিৰাট কোহলীলৈ জন্মদিনৰ বহুত শুভেচ্ছা ৷বিৰাট কোহলীয়ে সম্প্ৰতি IPL ৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত খেলি আছে ৷লগতে জন্মদিনৰ উপলক্ষে সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিৰাটৰ অনুৰাগীসকলে “#HappyBirthdayViratkoholi” বুলি সকলোৰে মৰমৰ ক্ৰিকেটাৰজনলৈ শুভেচ্ছা জনাইছে।

আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুে তিনিবাৰকৈ IPL ত পৰাজয় হ’লেও বিৰাট কোহলীৰ তত্ত্বাৱধানত দলটোৱে পুনৰ সক্ৰিয় হৈ উঠিবলৈ সক্ষম হৈছে ৷

১৯৮৮ ত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা বিৰাট কোহলীয়ে ১৯ বছৰ বয়সৰ পৰা ক্ৰিকেটৰ খেলপথাৰত আধিপত্য বিস্তাৰ কৰিছিল ।

ইপিনে,ভাৰতীয় দলৰ অধিনায়ক হিচাপে বিৰাট কোহলীৰ দলটোৰ প্ৰতি দায়িত্ব,কতৰ্ব্য,আদি লক্ষ্যণীয়। লগতে বিৰাট কোহলীৰ ফিটনেট নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ উৎস ।বিৰাটে খেলৰ উপৰিও অধিকাংশ সময় জিমতেই অতিবাহিত কৰে ৷

উল্লেখযোগ্য যে বিৰাট কোহলী ভাৰতৰ ৮৬ খন টেষ্ট ক্ৰিকেট,২৪৮ খন ODS আৰু ৮২খন T20Is প্ৰতিনিধিত্ব কৰিছে ৷

আনহাতে ২০২১ৰ জানুৱাৰীত বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুস্কা শৰ্মা পিতৃ মাতৃ হ’ব ৷অৰ্থাৎ ২০২১ত পিতৃ হ’ব বিৰাট কোহলী৷টুইটাৰ ইনষ্টাগ্ৰামত ইতিমধ্যে বিৰাট- অনুস্কাই এই বিষয়ে সবিশেষ প্ৰকাশ কৰিছে ৷

Sources : YouTube

https://www.youtube.com/watch?v=Z0czWmMU0cg

Exit mobile version