কেন্দ্ৰীয় চৰকাৰে বিটিচিক দিয়া ধনেৰে চুইজাৰলেণ্ড নহয়, বিটিচিক ডুবাই বনাব নৱ কুমাৰ শৰণীয়াই

WhatsApp Image 2020 11 06 at 5.39.18 PM

বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলৰ মাজত । বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কঁকালত টঙালি বান্ধি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ দল গণ সুৰক্ষা পাৰ্টীয়ে । আজি চিৰাং জিলাৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত গণ সুৰক্ষা পাৰ্টী(জিএছপি)ৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ।

বাসুগাঁৱৰ বিজয়গাঁৱত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে । তেওঁ ভাষণত কয় যে বিপিএফে বিগত সময়ত ভিচিডিচিৰ নামত ব্যাপক লুণ্ঠন চলালে বিটিচিত । বহুতে কৈছে লোকসভা নিৰ্ব্বাচন আৰু বিটিচি পৰিষদীয় নিৰ্বাচন বেলেগ । বেলেগ হয় ঠিকেই, কিন্ত ইয়াত আমি পৰিষদ গঠন কৰিলে সকলো টকা ৰাইজে পাব, ৰাইজৰ কাম হ’ব আৰু কোনোধৰণৰ দুৰ্নীতি নহয় ।

আনহাতে, বিটিচিলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া ধনেৰে বিটিচিক চুইজাৰলেণ্ড বনাব নোৱাৰিলেও ডুবাই বনাব পাৰিম বুলিও কয় সাংসদ নৱ শৰণীয়াই । তেওঁ কয় যে বিপিএফ, বিজেপি আৰু ইউপিপিএল একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি । গতিকে গণ সুৰক্ষা পাৰ্টী বিটিচিৰ সাধাৰণ বঞ্চিত জনসাধাৰণৰ পাৰ্টী । এই পাৰ্টীয়েহে কেৱল অবড়ো লোকৰ হৈ কাম কৰিব বুলি কয় নৱ শৰণীয়াই।

উল্লেখ্য যে, বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিগত কাৰ্যকালত সাংসদ নৱ কুমাৰ শৰণীয়াাই তেতিয়া ৰাজনৈতিক দল নুখুলিলেও অবড়ো হিচাপে নিৰ্দলীয় ভাৱে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ৭ টাকৈ আসন লাভ কৰিছিল যদিও পিছত দুজনে বিপিএফক সমৰ্থন কৰে । দুবাৰকৈ কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা সাংসদ শৰণীয়াই এইবাৰ গণ সুৰক্ষা পাৰ্টী নামৰ ৰাজনৈতিক দল গঠন কৰি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ।

Exit mobile version