গাড়ীক লৈ হতাশা : আঢ়ৈ কোটিৰ মাৰ্চিডিজ জ্বলাই দিলে স্বয়ং গৰাকীয়ে

Screenshot 39

গাড়ী এখন ক্ৰয় কৰাৰ পাছত প্রচণ্ডভাৱে ভুগিবলগীয়া হৈছিল । মেৰামতি কৰাৰ পাছতাে কোনাে কাম হােৱা নাছিল । খং উঠিছিল ছাৰ্ভিচ চেণ্টাৰৰ ওপৰত; কিন্তু এনে কাৰণতে নিজৰ মাৰ্চিডিজ গাড়ীখনত কোনােবাই জুই লগাই দিব পাৰেনে? এনে এক অবিশ্বাস্য কামেই কৰিলে ৰাছিয়াৰ মিখাইল লিটভিন নামৰ এজন লােকে।

মিখাইল বৃত্তিত এজন ইউটিউবাৰ । গাড়ীত জুই লগাই প্রস্তুত কৰা ভিডিঅ’ মিখাইলে নিজৰ চেনেলত আপলােড কৰিছে। স্বাভাৱিকতে ভিডিঅ’টোৱে কম সময়তে বিস্তাৰ লাভ কৰে । একমাত্র গাড়ীখনলৈয়ে নহয়, নিজৰ ইউটিউব চেনেলত অধিক দর্শন লাভ নকৰাত তীব্র হতাশাতাে ভুগিছিল মিখাইলে । সেয়েহে গাড়ীখন জুলাই দিয়াৰ লগতে ইউটিউবত ঘটনাৰ এটি ভিডিঅ’ দি দর্শক লাভৰ চেষ্টা কৰে ।

ভিডিঅ’টোৰ বাবে বৃহৎ সংখ্যাত লাইক আৰু মন্তব্যও লাভ কৰিবলৈ সক্ষম হয় মিখাইলে । মিখাইলৰ মাৰ্চিডিজখন আছিল এ এম জি ৬৩এ মডেলৰ । ভাৰতীয় মুদ্ৰাত মূল্য প্রায় আঢ়ৈ কোটি টকা । গাড়ীখন ক্ৰয়ৰ পাছৰে পৰা বহুবাৰ বিকল হৈ পৰিছিল । বিতৰকৰ ওচৰলৈকো পাঁচবাৰকৈ প্ৰেৰণ কৰা হৈছিল গাড়ীখন ।

বিতৰকৰ পৰা উভতাই অনাৰ পাছত গাড়ীখন কেইদিনমানলৈ সঠিকভাৱে চলে যদিও অতি কম দিনৰ ভিতৰতে পুনৰ সমস্যাৰ আৰম্ভ হয় । এনেদৰেই প্ৰায় ডেৰ মাহ যােৱাৰ পাছত গাড়ীখনক লৈ বিৰক্ত হৈ পৰে মিখাইলে ।

ইয়াৰ পাছতে গাড়ীখন জ্বলাই দিয়াৰ  সিদ্ধান্ত লয় মিখাইলে । সাত মিনিট ৩৮ ছেকেণ্ডৰ ভিডিঅ’টোত দেখিবলৈ পােৱা গৈছে প্রথমে এখন খালী পথাৰলৈ গাড়ীখন লৈ যােৱা হৈছে । গাড়ীখনত কে’বাটাও পেট্র’লৰ গেলানাে ৰখা হৈছিল । এটা-এটাকৈ গেলান বিলাকৰ পৰা গাড়ীখনত পেট্রল ঢালি গৈছিল মিখাইলে । পাছত লাইটাৰৰ দ্বাৰা অগ্নিসংযােগ কৰে গাড়ীখনত । এটা সময়ত দাউ দাউকৈ জুলি উঠে মাৰ্চিডিজখন।

বহু দূৰত থাকি মিখাইলে প্রত্যক্ষ কৰি গৈছিল জ্বলি থকা গাড়ীখনৰ । গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হােৱাৰ পাছত এখন সেউজীয়া ৰঙৰ গাড়ীত উঠি পথাৰত উপস্থিত হয় মিখাইলে । গাড়ীখনৰ কিন্তু ষ্টার্ট হােৱা নাছিল । ঠেলিবলৈ আগবাঢ়ি আহিছিল বহু কেইজন । সমগ্র ঘটনাৰ দৃশ্য গ্রহণ কৰিবলৈ পূর্বৰে পৰা যে সকলাে ব্যৱস্থা কৰি ৰখা হৈছিল সেই কথাও ভিডিঅ’টোত স্পষ্ট ।

Exit mobile version