নিৰ্বাচনৰ পাছলৈ পিছুৱালে এনআৰচি

El

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশৰ এবছৰ পাৰ হােৱাৰ পাছতাে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ সন্দৰ্ভত অসম চৰকাৰে আজিলৈকে কোনাে ব্যৱস্থা গ্রহণ নকৰিলে । আগন্তুক দিনকেইটাতাে যে এই ক্ষেত্ৰত কোনাে ব্যৱস্থা গ্ৰহণ কৰা নহয় সেয়াও স্পষ্ট হৈ পৰে ।

মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয়, “নির্বাচনৰ পাছত এন আৰচিক লৈ নতুন এক্সাচাইজ হ’ব। অৱশ্যে তাৰ বাবে ছুপ্রিম কৰ্টৰ অনুমতি লাগিব। এইখন এন আৰ চিত মােগলক দমন কৰাৰ উপায় নাছিল । ধুবুৰীত নিজৰ এন আৰ চি নিজে বনালে। বৰপেটাতাে নিজৰ এন আৰ চি নিজে বনালে। প্রতীক হাজেলাই এনেকৈ মেনিপুলেট কৰিলে যে সব নিজৰ নিজৰ ঠাইত থাকি গ’ল। আচলতে হ’ব লাগিছিল শিৱসাগৰ, যােৰহাটৰ মানুহে গৈ ধুবুৰীত, ধুবুৰীৰ মানুহে গৈ শিৱসাগৰ, যােৰহাটত এন আৰ চিৰ কাম কৰিব লাগিছিল; কিন্তু তাকে নকৰি প্রতীক হাজেলাই ভুল কৰি থৈ গৈছিল । সেই কাৰণে আমি কৈছাে যে যদি ছুপ্রিম কর্টে অনুমতি দিয়ে নিৰ্বাচনৰ পাছত এন আৰ চিৰ নতুন এক্সাৰচাইজ হ’ব। আমি ১৫ শতাংশ পুনৰীক্ষণ বিচাৰিছাে ।”

ড° শৰ্মাই এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হাজেলাই অকল্পনীয় কেলেংকাৰি সংঘটিত কৰাৰাে অভিযােগ কৰে । তেওঁ কয়, ৰাতিৰ ভিতৰতে অসম এৰি গুচি যােৱা মানুহজনে অসমৰ মধ্যবিত্ত আৰু এচাম লােকৰ মাজত এনে এক পৰিৱেশ সৃষ্টি কৰিছিল যে তেওঁ যি কৰি আছে সব ভাল। সেই সময়ত তেওঁৰ বিৰুদ্ধে কথা কোৱাটোৱে সম্ভৱ নাছিল। ছুপ্রিম ক’র্টেও চৰকাৰৰ ভূমিকাক শূন্য কৰি দিছিল। মই ইমানলৈ জানাে যে মুখ্যমন্ত্ৰীয়ে লগ কৰিব খােজাতাে চাৰিবাৰলৈ অহা নাছিল । এইবােৰ কৰি মানুহজনে মূৰৰ পৰা ভৰিলৈকে পইচা খাই গ’ল । অৱশ্যে এতিয়া একাউন্টেন্ট জেনেৰেলে হাজেলাৰ কেলেংকাৰিৰ তদন্ত কৰি আছে। চৰকাৰৰ পৰা ইতিমধ্যে কমেন্ট লৈ গৈছে। এ জিতাে সম্পূর্ণ নিৰপেক্ষ। গতিকে কথাবােৰ স্পষ্ট হ’ব।

এন আৰ চিৰ ক্ষেত্ৰত উল্লেখ কৰা মােগলৰ সন্দৰ্ভতে মন্ত্রী ড° শৰ্মাই কংগ্ৰেছক ইয়াৰ বাবে সমালােচনা কৰে। তেওঁ কয় যে অসমত মােগলবিলাক ইমান শিপাই শিপাই সােমাই গৈছে যে তাক পাঁচ বছৰত খেদাটো সম্ভৱ নহয় কংগ্রেছে। সেইসকল মােগলক আনি অসমত সুমুৱাই দিলে । তাক বিচাৰি উলিয়াই নেখেদিলে অসমৰ সভ্যতা ৰক্ষা নপৰিব। অৱশ্যে সভ্যতা ৰক্ষাৰ সমান্তৰালকৈ বিকাশকো আগবঢ়াব লাগিব। বিকাশতে বেছি ‘ফিল গুড’ থাকে বুলি ড° শৰ্মাই কয়।

তেওঁ শেহতীয়াকৈ অসম ভ্ৰমণত থকা কংগ্রেছৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ সন্দৰ্ভতাে মন্তব্য কৰে । ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক যিমানে নাহক কিয়, অসমৰ কংগ্ৰেছে আচল কথাটো কেতিয়াও নকয় বুলি ড° শৰ্মাই মন্তব্য কৰে।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী দলঙৰ দ্বিতীয় পাইলিং আৰম্ভ

ইপিনে, মন্ত্রী ড° শৰ্মাই উত্তৰ গুৱাহাটীত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী দলঙৰ কেছিয়ন ফাউণ্ডেছনৰ দ্বিতীয় পাইলিঙৰ কামৰ আৰম্ভণি কৰে। এই উপলক্ষে আয়ােজিত অনুষ্ঠানত মন্ত্রীজনে কয়, ‘২০২০ মার্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ছয় শাৰীযুক্ত দলংখনৰ শিলান্যাস কৰিছিল । তাৰ পাছত আৰম্ভ হ’ল কেছিয়ন ফাউণ্ডেচনৰ দ্বিতীয় পাইলিঙৰ কাম । ব্ৰহ্মপুত্ৰৰ তলিত থকা শিলৰ বাবে কেছিয়ন পাইলিঙৰে ইমূৰ-সিমূৰ সংযােগৰ কৌশল অৱলম্বন কৰি ইতিমধ্যে দুটা কেছিয়নৰ কাম সমাপ্ত কৰা হৈছে । ছটা কেছিয়নৰ ভিতৰৰ চাৰিটাৰ কাম সমাপ্ত হলে ৪০ শতাংশ কাম সম্পূর্ণ হ’ব। লােক নির্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেয়ে দিয়া আদৰণি ভাষণত দলংখনৰ বিৱৰণ দাঙি ধৰে।

জিলা প্রশাসনৰ মুৰব্বীসকলৰ লগতে লােক নির্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত দাঙি ধৰা তথ্য অনুসৰি, দলংখনৰ দৈর্ঘ্য হ’ব ৮.৩ কিলােমিটাৰ আৰু নিৰ্মাণত ব্যয় হ’ব ২৬শ কোটি টকা। দলঙৰ নদীপথৰ দৈর্ঘ্য হ’ব ১.২৪ কিলােমিটাৰ । নদীত যিহেতু পাইলিং সম্ভৱ নহয়, সেয়েহে ছটা কেছিয়নৰে সংযুক্ত হ’ব এই দলংখন । ইতিমধ্যে নির্মাণ কাৰ্যৰ ১৫ শতাংশ সম্পূর্ণ হৈছে । ২০২৪ত দলং নির্মাণ সম্পূর্ণ হ’ব বুলিও অনুষ্ঠানত সদৰী কৰা হয়।

Exit mobile version