ছ’চিয়েল মিডিয়াত নগ্ন ফ’টো প’ষ্ট কৰি কাৰাগাৰ পালেগৈ জনপ্ৰিয় মডেল তথা অভিনেতা মিলিন্দ সুমন

859566f6 beeb 4709 bf5e 6281cfe4f522

দক্ষিণ গোৱাৰ সাগৰৰ পাৰত নগ্ন হৈ দৌৰা ফ’টো প’ষ্ট কৰা মডেল তথা অভিনেতা মিলিন্দ সুমনক অশ্লীল আচৰণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।এই সন্দৰ্ভত দক্ষিণ গোৱাৰ আৰক্ষী অধীক্ষক পংকজ কুমাৰ সিঙে নিশ্চত কৰে যে অভিনেতাগৰাকীক ভাৰতীয় দণ্ডবিধিৰ ২৯৪ ধাৰা (অশ্লীলতা) আৰু তথ্য প্ৰযুক্তি আইনৰ আন প্ৰাসংগিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

দক্ষিণ গোৱা জিলাৰ আৰক্ষীয়ে অভিনেতা মিলিন্দ সুমনৰ বিৰুদ্ধে গোৱাৰ সাগৰৰ তীৰত নগ্ন হৈ ফ’টো উঠাৰ কাৰণে অভিযোগ দাখিল কৰে ৷

বলীউডৰ অভিনেতা,বিভিন্ন অনুষ্ঠানৰ বিচাৰক মিলিন্দ সুমনৰ বিৰুদ্ধে অশ্লীলতাক উৎসাহ দিয়াৰ অভিযোগ দাখিল কৰা হৈছে। ANI ৰ মতে “মিলিন্দৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰৰ ২৯৪ আৰু ধাৰা ৭ ৰ আধাৰত অভিযোগ দাখিল কৰা হৈছে ৷”

দক্ষিণ গোৱাৰ আৰক্ষীৰ অধীক্ষক পংকজ কুমাৰ সিঙে ANI ৰ সন্মুখত কয় যে গোৱা সুৰক্ষা মঞ্চৰ এটা সংগঠনে মিলিন্দ সুমনৰ বিৰুদ্ধে পথত নগ্ন হৈ ছ’চিয়েল মিডিয়াত ফ’টো প’ষ্ট কৰাৰ কাৰণে অভিযোগ দাখিল কৰে ৷

উল্লেখ্য যে, বুধবাৰে বলীউডৰ অভিনেতাগৰাকীয়ে ৫৫ সংখ্যক জন্মদিন পালন কৰিবলৈ গোৱালৈ যাত্ৰা কৰিছিল ।৫৫ বছৰ বয়সত মিলিন্দ সুমনৰ নিজৰ ফিটনেছৰ কাৰণে চৰ্চাত শীৰ্ষত থাকে ।নগ্ন ফ’টো প’ষ্ট কৰি মিলিন্দ সুমনে লিখিছিল “মোলৈ জন্মদিনৰ অলেখ শুভেচ্ছা”৷৫৫ বছৰ এনেদৰে অতিক্ৰম কৰিব ৷”

আনহাতে অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেকো গোৱা পুলিছে বিগত শুক্ৰবাৰে গোৱাত আপত্তিজনক ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

Exit mobile version